ETV Bharat / state

বন্যপ্ৰাণীৰ সুৰক্ষাৰ কামনাৰে কাজিৰঙাত অবিৰত ভাগৱত পাঠ - Kaziranga National Park

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 5:25 PM IST

Kaziranga National Park
বন্যপ্ৰাণীৰ সুৰক্ষাৰ কামনাৰে কাজিৰঙাত অবিৰত ভাগৱত পাঠ

Kaziranga National Park: প্ৰতিটো বন্যপ্ৰাণীৰ সুৰক্ষা আৰু কল্যাণৰ কথা চিন্তা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৰ্গাপুৰ গাঁৱত ভাগৱত পাঠৰ আয়োজন কৰা হৈছে । ৩ দিনীয়াকৈ আয়োজিত এই কাৰ্যসূচীৰ মাজতে ভাওনাও প্ৰদৰ্শন কৰা হ'ব ।

বন্যপ্ৰাণীৰ সুৰক্ষাৰ কামনাৰে কাজিৰঙাত অবিৰত ভাগৱত পাঠ

কাজিৰঙা,২৫ মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উখল মাখল পৰিৱেশ । ভক্তিৰসৰ নিজৰা বৈছে কাজিৰঙাৰ দুৰ্গাপুৰত । কিয়নো দুৰ্গাপুৰত সোমবাৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰাৰ্থনাৰে দুৰ্গাপুৰৰ ৰাইজ তথা কাজিৰঙাবাসীয়ে এই কাৰ্যসূচীৰ আয়োজন কৰিছে ।

ফলস্বৰূপে কাজিৰঙাৰ চৌদিশে হৰিনামৰ ধ্বনি শুনিবলৈ পোৱা গৈছে ৷ মহাপুৰুষ দুজনাক আদৰ্শৰে উদ্ভাসিত হৈ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে ভাগৱত পাঠ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷ ভাগৱতৰ ভক্তি ভৰা সুললিত সুৰত মুখৰিত হৈছে কাজিৰঙাৰ দুৰ্গাপুৰ গাঁও ৷ কাজিৰঙাৰ দুৰ্গাপুৰৰ স্থানীয় নামঘৰত অনুষ্ঠিত হৈছে এই তৃতীয় বাৰ্ষিক শ্ৰীশ্ৰী মদ্ভাগৱত অবিৰত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ ৷

সোমবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে ধৰ্মীয় অনুষ্ঠানৰ বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন আৰু নাম প্ৰসংগকে ধৰি কেইবাটাও কাৰ্যসূচী পৰিচালনা কৰা হয় ৷ নাম প্ৰসংগৰ পিচতে অবিৰত ভাগৱত পাঠ আৰু ভাগৱতৰ ব্যাখ্যা অনুষ্ঠান আৰম্ভ হয় ৷ উদ্যোক্তাই জনোৱা মতে এই ভাগৱত পাঠৰ লগত সংগতি ৰাখি ভাওনাৰো আয়োজন কৰিছে অঞ্চলবাসীয়ে ৷ কাজিৰঙাৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যৎ, দেশৰ শান্তি আৰু গঞা ৰাইজৰ শান্তিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই হৰি গুণাৱলী অনুষ্ঠানলৈ উদ্যোক্তাসকলে সকলো ৰাইজক আমন্ত্ৰণ জনাইছে ৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন সময়ত বহু সমস্যাই দেখা দিয়ে । বানপানী, চোৰাং চিকাৰী আদিৰ ফলত ৰাষ্ট্ৰীয় উদ্যানত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় । ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আৰু সমীপৰ গাঁওসমূহৰ ৰাইজেও সমস্যাসমূহৰ সন্মুখীন হৈ আহিছে । এই সকলোবোৰ কথা বিবেচনা কৰিয়ে স্থানীয় লোকসকলে এই বিশেষ ভাগৱত পাঠৰ আয়োজন কৰিছে ।

লগতে পঢ়ক :বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰ দৌল: লোকাৰণ্য বৰপেটা সত্ৰ চৌহদ - BARPETA SATRA BHOR DOUL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.