ৰঙিয়াত ভূমি পট্টা বিতৰণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 10:46 PM IST

thumbnail

ৰঙিয়া, 25 ফেব্ৰুৱাৰী : সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো দেওবাৰে খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰা হয় ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰঙিয়াৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত এক সভাত স্থানীয় বিধায়ক ভবেশ কলিতাৰ উপস্থিতিত ভূমি পট্টা সমূহ বিতৰণ কৰা হয় ৷ এই অনুষ্ঠানত মিছন বসুন্ধৰা 2.0 ৰ অধীনত ৰঙিয়া বিধান সভা সমষ্টিৰ 873 গৰাকী খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰা হয় ৷  

এই কাৰ্যসূচীত ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত আয়ুক্ত নৰসিং বে’, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পাল, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, উপ-পৌৰপতি বিদ্যুৎ ডেকা আদিৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : বঙাইগাঁৱত হিতাধিকাৰীৰ মাজত ভূমি পট্টা বিতৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.