ETV Bharat / state

বঙাইগাঁৱত হিতাধিকাৰীৰ মাজত ভূমি পট্টা বিতৰণ

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 9:47 PM IST

Land pattas Distribution
বঙাইগাঁৱত হিতাধিকাৰীৰ মাজত ভূমি পট্টা বিতৰণ

Land pattas Distribution: মিছন বসুন্ধৰা ২.০ৰ অধীনত বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ৫৩০ গৰাকী হিতাধিকাৰীক ভূমিৰ পট্টা প্ৰদান কৰা হয় । অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিতৰণ কৰে ভূমি পট্টা ।

বঙাইগাঁৱত হিতাধিকাৰীৰ মাজত ভূমি পট্টা বিতৰণ

বঙাইগাঁও,২৫ ফেব্ৰুৱাৰী : মিছন বসুন্ধৰা ২.০ৰ অধীনত ৰাজ্যৰ ভিন্ন প্ৰান্তত ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰা হৈছে । তাৰ অংশ হিচাপে বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁও ষ্টেডিয়াম খেলপথাৰত দেওবাৰে ভূমিৰ পট্টা বিতৰণৰ এক কাৰ্যসূচীৰ আয়োজন কৰা হয় । য'ত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই লোকসকলক ভূমি পট্টা প্ৰদান কৰে ।

মিছন বসুন্ধৰা ২.০ ৰ অংশ হিচাপে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ৫৩০ গৰাকী লোকক ভূমিৰ পট্টা প্ৰদান কৰা হয় । এই সভাত উৰ্খাও গৌৰা ব্ৰহ্মৰ উপৰিও বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাৰ অন্তত অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিৰ প্ৰশংসা কৰে । মন্ত্ৰীগৰাকীৰ মতে যিসকল লোকে এতিয়ালৈ মিছন বসুন্ধৰা আঁচনিৰ সুবিধা লাভ কৰিব পৰা নাই তেওঁলোকে লোকসভা নিৰ্বাচনৰ পিচত মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে ভূমি পট্টাৰ বাবে আবেদন জনাব পাৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট চৰকাৰৰ আসন ভাগ-বটোৱাৰা সম্পৰ্কত তেওঁ কয় যে মিত্ৰজোঁটত থকাৰ বাবে ইউপিপিএল দলে ৩ খন আসনৰ এখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সুবিধা লাভ কৰিব । অৱশ্যে বিপিএফ দলে কেৱল অস্তিস্ব ৰক্ষাৰ স্বাৰ্থত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও তেওঁ দাবী কৰে ।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিছন বসুন্ধৰা ২.০ৰ অধীনত শ শ হিতাধিকাৰীয়ে ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পাচতে আৰম্ভ হ'ব বসুন্ধৰা 3.0

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.