বিত্তমন্ত্ৰী অজন্তা নেওগৰ সৰুপথাৰত ভূমি পট্টা বিতৰণ

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 7:43 PM IST

thumbnail

সৰুপথাৰ, ২৩ ফেব্ৰুৱাৰী : সৰুপথাৰত মিছন বসুন্ধৰা ২.০-ৰ অধীনত ভূমি পট্টা বিতৰণ । সৰুপথাৰ ৰামধেনু মুকলি মঞ্চত অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে আনুষ্ঠানিকভাৱে খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰে । 

উল্লেখ্য যে অসম চৰকাৰে ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ ক্ষেত্ৰত এয়া হৈছে এক বিকশিত পদক্ষেপ । সৰুপথাৰ সমষ্টিৰ সৰুপথাৰত ২,০১৭ গৰাকী লোকক এই কাৰ্যসূচীৰ অধীনত ভূমি পট্টা প্ৰদান কৰা হয় । আনহাতে, মৰঙিত ৯৯৮ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰা হয় । 

এই অনুষ্ঠানত উপস্থিত থাকে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, সৰুপথাৰ উপ-জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত শ্ৰেয়া সিংহল, অতিৰক্ত জিলা আয়ুক্ত চৈয়দ ৱাছবীৰ চুভানী, সৰুপথাৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়া মনোজ কুমাৰ দলে, বড়ো-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ স্বৰ্গীয়াৰী তথা সৰুপথাৰ-বৰপথাৰৰ পৌৰপতিদ্বয় ।

লগতে পঢ়ক :ধলাত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.