লখিমপুৰ পৌৰসভাৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ পলিথিন পেকেট - Banned Polythene Smuggling

By ETV Bharat Assamese Team

Published : May 6, 2024, 8:32 PM IST

thumbnail
পলিথিনৰ বিৰুদ্ধে অভিযান (ETV BHARAT ASSAM)

লখিমপুৰ, ৬ মে': লখিমপুৰত পলিথিনৰ বিৰুদ্ধে অভিযান পৌৰসভাৰ । এহেজাৰ কিলোগ্ৰামৰো অধিক পলিথিনৰ পেকেট জব্দ । লখিমপুৰ নগৰত সোমবাৰে চলিল পলিথিনৰ বিৰুদ্ধে অভিযান । লখিমপুৰ পৌৰসভাই চলোৱা এই অভিযানত পলিথিনৰ পেকেটখিনি জব্দ কৰা হয় । লখিমপুৰ পৌৰসভাৰ মুখ্য কাৰ্যবাহী বিষয়া তাপস কলিতাৰ নেতৃত্বত নগৰৰ বজাৰপট্টিকে ধৰি বিভিন্ন স্থানত অভিযান চলায় । এই অভিযানত ব্যবসায়ীসকলে বিক্ৰীৰ বাবে মজুত কৰি ৰখা পলিথিনৰ পাকেট জব্দ কৰা হয় ।  

এই অভিযানৰ নেতৃত্ব লোৱা বিষয়াগৰাকীয়ে কয় যে ২০২২ৰ ৩১ ডিচেম্বৰৰ পাছৰ পৰা ১২০ মাইক্ৰনৰ তলৰ পলিথিনৰ পেকেট বিক্ৰী, ব্যবহাৰ নিষিদ্ধ কৰা হৈছে । সেই অনুসৰি এনে পলিথিনৰ পেকেটৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে । এই অভিযান অবিৰতভাৱে চলোৱা হ'ব বুলি তেওঁ কয় । লখিমপুৰক প্লাষ্টিকমুক্ত কৰাৰ লক্ষ্যৰে এনে অভিযান চলোৱা হৈছে ।

লগতে পঢ়ক:Banned Polythene Smuggling: নিষিদ্ধ পলিথিনৰ ৰমৰমীয়া বেহা; জব্দ পলিথিন ভৰ্তি বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.