কাছাৰত এক্সেভেটৰৰে মাটি কাটি থাকোতেই পোত গ'ল চালক

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 7:48 PM IST

thumbnail

শিলচৰ, ১৯ ফেব্ৰুৱাৰী: কাছাৰৰ কাশীপুৰত মাটি খান্দিবলৈ গৈ অঘটন ৷ টিলাৰ ভূমি কাটি থাকোতেই ওপৰৰ পৰা ভূমি খহি এক্সেভেটৰৰ চালকৰ গাত পৰাত তেওঁৰ মৃত্যু হয় ৷ নিহত এক্সেভেটৰৰ  চালকৰ নাম জাহাঙ্গীৰ আলম লস্কৰ ৷ তেওঁৰ ঘৰ কাছাৰৰ জয়পুৰত ৷ কাশীপুৰত টিলাৰ ভূমি এক্সেভেটৰৰে কাটি থকাৰ সময়ত হঠাৎ ওপৰৰ পৰা ভূমিৰ এক বৃহৎ অংশ খহি পৰে এক্সেভেটৰৰ ওপৰত ৷ ফলত এক্সেভেটৰৰ সৈতে মাটিত পোত যায় চালক জাহাঙ্গীৰ ৷ স্থানীয় লোকসকলে ঘটনাটো প্ৰত্যক্ষ কৰি উদ্ধাৰ অভিযান চলায় ৷  

কেইবা ঘন্টাৰ চেষ্টাৰ পাচত মাটিৰ তলৰ পৰা অচেতন অৱস্থাত জাহাঙ্গীৰক উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ পিচত চালকজনক ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷  

ইপিনে, এটা চক্ৰই দীৰ্ঘদিন ধৰি অবৈধ বাবে কাশীপুৰ টিলাৰ মাটি কাটি বিক্ৰি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ ইয়াৰ পিচতো প্ৰশাসনে এই চক্ৰটোৰ বিৰুদ্ধে কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ কৰে । আজিও এনেদৰে মাটি কটাৰ সময়ত এই ঘটনাটো সংঘটিত হোৱা বুলি কয় স্থানীয় ৰাইজে ।

লগতে পঢ়ক:লখিমপুৰত আৰক্ষীৰ জালত ২৬ সুদখোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.