বাৰিষা হ’লেই ঘৰৰ ভিতৰত পানী, সুবিধাৰ মুখেই নেদেখা নিতুমণিৰ সফলতাত আৱেগিক হ’ল মাতৃ - HSLC Result 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 10:01 PM IST

thumbnail

টীয়ক, 20 এপ্ৰিল: টীয়ক নগৰৰ এটা অতিকৈ দৰিদ্ৰ পৰিয়াল । অলেখ দুখৰ মাজতো আজি আনন্দৰ বন্যা বৈছে ঘৰত । কিয়নো আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঘৰখনৰ মেধাসম্পন্ন ছাত্ৰী নিতুমণি শইকীয়া কেবাটাও বিষয়ত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হৈছে ৷

সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰৰ তালিকাত নিজৰ নাম খোদিত কৰি সকলোকে গৌৰৱাম্বিত কৰি তুলিলে  নিতুমণিয়ে ৷ মোমায়েকৰ ঘৰত মাতৃ-আইতাকৰ চত্ৰছায়াত থকাৰ লগতে এক কৰ্দযময় পৰিৱশত পেটে-ভাতে কোনোমতে চলি থকা পৰিবেশৰ পৰা এই ফলাফল লাভ কৰাত অত্যন্ত সুখী ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালবৰ্গ ।

বছৰৰ সাতোটা মাহেই কৃত্ৰিম বানৰ সৈতে সহবাস কৰি আজি অসমৰ ভিতৰতে জিলিকি উঠিছে ছাত্ৰীগৰাকী । বোকাত পদুম ফুলা কথাষাৰৰ উদাহৰণ নিতুমণিৰ এই সফলতা বহুতৰ বাবেই হৈ পৰিছে আদৰ্শ । অৱশ্যে ভৱিষ্যতে বিজ্ঞান শাখাত অধ্যয়ন কৰি চিকিৎসা বিজ্ঞানৰ প্ৰতি অগ্ৰসৰ হোৱাৰ হেঁপাহ পুহি ৰাখিছে নিতুমণিয়ে ৷  

দুচকুত চিকিৎসক হোৱাৰ সপোন থাকিলেও পৰিয়ালৰ অৱস্থাৰ বাবে কিছু হতাশ হৈ পৰিছে ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালবৰ্গ ।

সেয়ে কোনো সদাশয় হৃদয়বান লোক তথা চৰকাৰ, দল-সংগঠনে মেধাৱী ছাত্ৰীগৰাকীৰ সপোন পূৰণৰ ক্ষেত্ৰত কিছু সহায়ৰ হাত আগবঢ়ালে নিশ্চয় পৰিয়ালটোৱে সকাহ পাব বুলি জনাইছে মাতৃয়ে । ই টিভি ভাৰতৰ তৰফৰ পৰাও নিতুমণিলৈ অলেখ শুভকামনা ৷

লগতে পঢ়ক: হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা অনুৰাগৰ সফলতাত উৎফুল্লিত যোৰহাটবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.