ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা অনুৰাগৰ সফলতাত উৎফুল্লিত যোৰহাটবাসী - HSLC result 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 1:15 PM IST

Anurag doloi secures 1st position from Pragya Academy jorhat
অনুৰাগৰ সফলতাত উৎফুল্লিত যোৰহাটবাসী

HSLC result 2024 : শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থান লাভ যোৰহাট জিলাৰ প্ৰজ্ঞা একাডেমীৰ ছাত্র অনুৰাগ দলৈৰ ৷ সৰ্বমুঠ লাভ কৰিছে 593 নম্বৰ ৷ আনন্দৰ বন্যা বৈছে শিক্ষানুষ্ঠান কৰ্তৃপক্ষৰ লগতে অভিভাৱকৰ মাজত ৷

অনুৰাগৰ সফলতাত উৎফুল্লিত যোৰহাটবাসী

যোৰহাট, 20 এপ্ৰিল : যোৰহাটৰ বাবে সুখবৰ । শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 5 টা স্থানৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ প্ৰজ্ঞা একাডেমীৰ ছাত্র অনুৰাগ দলৈয়ে ৷ সৰ্বমুঠ 593 নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে অনুৰাগ দলৈয়ে ৷

যোৰহাট কেন্দ্ৰগুৰি নিৱাসী সুৰেশ দলৈ আৰু অৰ্পনা শইকীয়াৰ কনিষ্ঠ পুত্ৰ অনুৰাগ দলৈৰ এই সাফল্যত গৌৰৱান্ধিত হৈ পৰিছে সমগ্ৰ যোৰহাটবাসী ৷ পুনৰ প্ৰজ্ঞা একাডেমীতে বিজ্ঞান বিষয়ত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে দলৈয়ে ।

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰজ্ঞা অকাডেমিৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল । প্ৰথমবাৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত আনন্দৰ বন্যা বয় ।

দৈনিক 10 ৰ পৰা 12 ঘন্টাকৈ অধ্যয়ণ কৰা অনুৰাগে ভৱিষ্যতে ছফটৱেৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন পুহি ৰাখিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । এই সফলতাৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে অনুৰাগে । অধ্যয়ণৰ সমান্তৰালভাবে অনুৰাগে জিৰণি সময়ত তবলা আৰু কাৰাটে খেলি সময় কটায় ।

অনুৰাগে জুবিন গাৰ্গ আৰু অৰজিৎ সিঙৰ গান শুনি ভাল পায় বুলি উল্লেখ কৰে । অনুৰাগ দলৈৰ সফলতাৰ বিষয়ে সংবাদ প্ৰচাৰ হোৱাৰ পাচতে শিক্ষানুষ্ঠানখনত আনন্দৰ জোৱাৰ বোৱা পৰিলক্ষিত হয় ৷ কৃতী ছাত্ৰগৰাকী শিক্ষানুষ্ঠানখনত প্ৰৱেশ কৰা লগে লগে শিক্ষাৰ্থী আৰু শিক্ষাগুৰুসকলে শুভেচ্ছা জনোৱাৰ লগতে বন্ধ-বান্ধৱসকলেও স্ফুৰ্তি কৰা দেখিবলৈ পোৱা যায় ৷

উল্লেখ্য যে, 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 75.73% ৷ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 77.3% হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 74.4% ৷

লগতে পঢ়ক: নগাঁৱৰ ৰামানুজনৰ পৰা তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপৰ মনৰ বতৰা - HSLC RESULT 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.