ETV Bharat / state

নগাঁৱৰ ৰামানুজনৰ পৰা তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপৰ মনৰ বতৰা - HSLC RESULT 2024

HSLC Reslut 2024: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তৃতীয় স্থান লাভ নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱশ্ৰী কাশ্যপৰ । ইটিভি ভাৰতৰ আগত অনুভৱ ব্যক্ত কৰিলে দেৱশ্ৰী কাশ্যপে ?

reaction of HSLC THIRD RANK holder
সংবাদ মাধ্যমৰ আগত কণ্ঠ নিগৰালে তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপে
author img

By ETV Bharat Assamese Team

Published : April 20, 2024 at 11:38 AM IST

|

Updated : April 20, 2024 at 1:23 PM IST

2 Min Read
Choose ETV Bharat
সংবাদ মাধ্যমৰ আগত কণ্ঠ নিগৰালে তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপে

নগাঁও, 20 এপ্ৰিল: শনিবাৰৰ পুৱাই ঘোষণা হ’ল 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পুৱা প্ৰায় 10 বজাৰ লগে লগে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ পুনৰ উজলিল নগাঁও জিলা । অন্তিমবাৰৰ বাবে অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দেৱশ্ৰী কাশ্যপে 588 নম্বৰসহ তৃতীয় স্থান দখল কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ।

দেৱশ্ৰী কাশ্যপৰ এই সাফল্যত গৌৰৱান্ধিত হৈ পৰিছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষৰ লগতে দেৱশ্ৰীৰ অভিভাৱক ৷ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী দেৱশ্ৰীৰ সুনাগৰিক হিচাবে নিজকে গঢ় দিবলৈ মনত হেঁপাহ পুহি ৰাখিছে ৷ উচ্চ মাধ্যমিক শিক্ষা নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলতেই দেৱশ্ৰীয়ে গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

সংবাদ মাধ্যমৰ আগত কণ্ঠ নিগৰালে তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপে
সংবাদ মাধ্যমৰ আগত কণ্ঠ নিগৰালে তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপে

উল্লেখ্য যে, ফলাফল ঘোষণাৰ বাবে 10 টা ৱেবচাইট অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)-এ মুকলি কৰিছে । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 75.73% ৷ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 77.3% হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 74.4% ৷ এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 4 লাখ 19 হাজাৰ 78 গৰাকী শিক্ষাৰ্থী ৷ তাৰে 3 লাখ 17 হাজাৰ 713 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷

স্মৰ্তব্য যে, শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ সামাজিক মাধ্যমত কেতবোৰ বিভ্রান্তিকৰ খবৰ বিয়পি পৰা দেখিবলৈ পোৱা গৈছিল ।

লগতে পঢ়ক: 10 বজাৰ লগে লগে ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, শীৰ্ষত যোৰহাটৰ অনুৰাগ দলৈ - HSLC result 2024

Last Updated : April 20, 2024 at 1:23 PM IST