হাফিজ-মৌলানাসহ শতাধিক সংখ্যালঘুৰ বিজেপিত যোগদান - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 7:00 PM IST

thumbnail

মৰিগাঁও, ৮ এপ্ৰিল: 9 নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাটত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ উপস্থিতিত আজি অনুষ্ঠিত হয় বিজেপিৰ এক যোগদান কাৰ্যসূচী । লাহৰীঘাটত এই কাৰ্যসূচীত শতাধিক সংখ্যালঘু লোকে বিজেপিত যোগদান কৰে । সোমবাৰে লাহৰীঘাটৰ জৰিবৰৰ বালিপাৰাত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ উপস্থিতিত হাফিজ, মৌলানাকে আদি কৰি শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ-মহিলাই বিজেপিত যোগদান কৰে ।

এই যোগদান কাৰ্যসূচীত  বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰি কয় যে এইবাৰ সংখ্য়ালঘু ৰাইজে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পৰিৱৰ্তে বিজেপিক উন্নয়নৰ স্বাৰ্থত ভোট দিব । ইপিনে, বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজত আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে বুলি মন্তব্য় কৰে এগৰাকী মৌলানাই । এই যোগদান কাৰ্যসূচীত বিজেপিৰ মহিলা নেত্ৰী চালমা জেছমিন, মৰিগাঁও জিলাৰ সভাপতি প্ৰবীণ মেধিকে আদি কৰি ৰাজ্যিক আৰু স্থানীয় নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক:গেৰুৱা বসন পিন্ধিলে মটক স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষসহ কেইবাটাও দলৰ নেতাই - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.