ETV Bharat / state

গেৰুৱা বসন পিন্ধিলে মটক স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষসহ কেইবাটাও দলৰ নেতাই - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 2:17 PM IST

Large number of leaders join BJP in the presence of Sarbananda Sonowal in Dibrugarh
ডিব্ৰুগড়ত বিজেপিত যোগদান শতাধিক নেতাৰ

Dibrugarh Lok Sabha constituency: ডিব্ৰুগড়ত বিজেপিত যোগদানৰ ঢৌ উঠিছে । কেইবাজনো মন্ত্ৰী বিধায়কৰ উপস্থিতিত ডিব্ৰুগড়ৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ল যোগদান কাৰ্যসূচী । গেৰুৱা বসন পিন্ধিলে মটক স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষসহ জাতীয় সংগঠন, কংগ্ৰেছ, আপৰ প্ৰায় শতাধিক নেতাই ।

ডিব্ৰুগড়ত বিজেপিত যোগদান শতাধিক নেতাৰ

ডিব্ৰুগড়,৭ এপ্ৰিল: ক্ৰমাৎ গৰম হৈ আহিছে ডিব্ৰুগড়ত ৰাজনৈতিক পৰিৱেশ । প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ । সমানে অব্যাহত আছে ৰাজনৈতিক নেতাৰ কথাৰ কটাকটি । বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ জাহাজ আৰু আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ ঝাড়ুক ৰোধ কৰিবলৈ ন ন কৌশল অৱলম্বন কৰি শাসক দলে ডিব্ৰুগড় লোকসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ।

ইয়াৰ মাজতে ডিব্ৰুগড়ত বিজেপিত যোগদানৰ ঢৌ উঠা পৰিলক্ষিত হৈছে । জাতীয় সংগঠনৰ নেতাৰ পৰা কংগ্ৰেছৰ শীৰ্ষ নেতাক যোগদান কৰাই লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চক দুৰ্বল কৰাৰ ৰণকৌশল ৰচিছে বিজেপিয়ে ।

কেইবাজনো মন্ত্ৰী বিধায়কৰ উপস্থিতিত ডিব্ৰুগড়ৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ল যোগদান কাৰ্যসূচী । দেওবাৰে মটক স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষি চেতিয়া, লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ উপদেষ্টা দয়ানন্দ শ্বাহে গেৰুৱা বসন পৰিধান কৰে ।

লগতে মটক স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুষাৰ ৰঞ্জন চেতিয়া, নীৰেন শইকীয়া, চাবুৱা সমষ্টিৰ ২১ চনৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা নেওগ, আপ, অসম জাতীয় পৰিষদ, কংগ্ৰেছ, মটক ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলনৰ শতাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে । যোগদান কাৰ্যসূচীত বিজেপিৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, অসমৰ নিৰ্বাচন পৰ্যৱেশক কেপ্টেইন অভিমুন্য কাশ্যপ, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বড়া, বিধায়ক বিনোদ হাজৰিকা, প্ৰশান্ত ফুকন আদি উপস্থিত থাকে । এই যোগদান সভাই ডিব্ৰুগড়ত বিজেপিৰ ভেঁটি শক্তিশালী কৰিলে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢক: জুলাই মাহত হ’ব পুলিচৰ নিযুক্তি: ভোট বিচাৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ ঘোষণা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.