ETV Bharat / politics

জুলাই মাহত হ’ব পুলিচৰ নিযুক্তি: ভোট বিচাৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ ঘোষণা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 10:13 PM IST

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা

CM Himanta Biswa Sarma: কেইবাটাও প্ৰতিশ্ৰুতি লৈ মৰিয়নীৰ হেমলাইত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ ৷ বিভিন্ন আঁচনি আৰু চাকৰি প্ৰদানৰ আশ্বাস দি ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ । পূৰ্বৰ এক লাখ নিযুক্তিৰ উপৰিও ৫০ হাজাৰ অতিৰিক্ত চাকৰিৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । তেওঁ লগতে জুলাই মাহত পুলিচৰ নিযুক্তি হ’ব বুলিও জানিবলৈ দিয়ে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা

মৰিয়নী, ৬ এপ্ৰিল: কেইবাটাও প্ৰতিশ্ৰুতি লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ১৪নং লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মৰিয়নীৰ হেমলাইত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মুখ্যমন্ত্ৰীয়ে ভোটাৰ ৰাইজক বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়যুক্ত কৰি ৰাজ্যৰ উন্নয়নৰ লগতে সমষ্টি উন্নয়নৰ অংশীদাৰ হ’বলৈ অনুৰোধ জনায় ৷ সাংসদগৰাকী বিজেপি দলৰ হ’লে সমষ্টিৰ হৈ হিয়া উজাৰি কাম কৰিম বুলিও প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্যমন্ত্ৰী শৰ্মাই ভাষণত চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি যোৱা সময়চোৱাত এক লাখ চাকৰি দিয়া হ’ল বুলি সদৰী কৰি অতি কম সময়ৰ ভিতৰতে আৰু 50 হাজাৰ চাকৰি দিয়া হ’ব বুলি ঘোষণা কৰে ৷ তেওঁ লগতে জুলাই মাহত পুলিচৰ নিযুক্তি হ’ব বুলি জানিবলৈ দিয়ে ৷ ৰেচন কাৰ্ড থকা সকলোকে চলিত বছৰৰ ভিতৰত অৰুণোদয় আঁচনি দিয়া হ’ব বুলিও ঘোষণা কৰে । ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক দলক সমালোচনা কৰি বিৰোধীয়ে নিজেও একো কৰিব যোৱা নাই আৰু আনে কৰিলেও সমালোচনা কৰে বুলি মন্তব্য কৰে ।

তেওঁ লগতে আয়ুষ্মান কাৰ্ড, ৰেচন কাৰ্ড, উজ্জ্বলা গেছ, বিনামূলীয়া ইঞ্চুৰেঞ্চ, লাখপতি বাইদেউ, প্ৰধানমন্ত্ৰী আবাস যোজনা, মুখ্যমন্ত্ৰী আবাস যোজনা আদি বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি উপস্থিত ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে । তাৎপযপূৰ্ণ যে, যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়যুক্ত কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী-বিধায়ক তথা অগপ শীৰ্ষ নেতৃত্বয়ে সমষ্টিটোতি বাহৰ পাতি নিৰ্বাচন প্ৰচাৰত অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলাই মঞ্চত মুখ্যমন্ত্ৰীৰ নৃত্য - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.