হাতীগাঁৱত ভাড়াঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 8:59 PM IST

thumbnail

গুৱাহাটী,১ মাৰ্চ: মহানগৰীৰ হাতীগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ । হাতীগাঁও পুবেৰুণ পথত হাতীগাঁও আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । লগতে গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰীক । জব্দ কেইবাটাও পেকেটত বৃহৎ পৰিমাণৰ গাঞ্জা । হাতীগাঁৱৰ পূবেৰুন পথৰ হাউচ নম্বৰ ৩৮ ত চলে এই অভিযান । তিনিমাহ পূৰ্বে ভাড়া লৈ চলাই আছিল এই গাঞ্জাৰ ব্যৱসায় ।  

গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীকেইটা ক্ৰমে হালিফ আফ্ৰিদী, সাদিক উল হক আৰু আলটাফ হুছেইন বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে ঈর্ষাদ নামৰ বেংকত কৰ্মৰত যুৱকজনৰ সৈতে ভাড়া লৈছিল সাদিক উল হক নামৰ যুৱকজনে । কিন্তু ভাড়াঘৰত কমকৈ অহা সাদিক উল হকে তেওঁৰ আন দুই সহযোগী যুৱকৰ সতে চলাই আছিল এই অবৈধ ব্যৱসায় । সম্প্ৰতি গ্ৰেপ্তাৰ কৰা তিনিও যুৱকক জেৰা অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে । আটাইকেইজন যুৱক অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে ।  

লগতে পঢ়ক: সুদলৈ লৈছিল 1 লাখ টকা, সুদখোৰক এতিয়ালৈকে দিছে 7 লাখৰো অধিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.