ঘৰত নাই কাপোৰ-কানি: মাক-জীয়েক নিৰুদ্দেশ !

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 11:58 AM IST

thumbnail

বৰপেটা, 12 ফেব্ৰুৱাৰী : পুনৰ নিৰুদ্দেশৰ ঘটনা ৷ এইবাৰ 23 বছৰীয়া মাতৃৰ লগতে ঘৰৰ পৰা নাইকিয়া হ’ল চাৰিবছৰীয়া কন্যাও ৷ হাহাকাৰ কৰি ফুৰিছে স্বামী তথা পিতৃয়ে ৷ ঘটনাৰ স্থান কলগাছিয়াৰ বালিকুৰি এন চি গাঁও ৷ উক্ত গাঁৱৰে ই-ৰিক্সা চালক ৰেফাজ উদ্দিনৰ পত্নী নাজমিনা খাতুনৰ লগতে চাৰি বছৰীয়া কন্যা সন্তানটি শনিবাৰৰ পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে । কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ সন্দেহ স্বামী ৰেফাজ উদ্দিনৰ । পত্নীক বিচাৰি সহায়ৰ আহ্বান স্বামীৰ । থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে তেওঁ ।

জানিব পৰা মতে, চলিত মাহৰ ১০ তাৰিখ অৰ্থাৎ শনিবাৰে ৰাতিপুৱা প্ৰায় ৮ মান বজাত ই ৰিক্সা চালক ৰেফাজ উদ্দীনে ই ৰিক্সা লৈ তেওঁৰ কৰ্মস্থলীলৈ ওলাই যায় ৷ দুপৰীয়া ঘৰলৈ উভতি আহি পত্নী নাজমিনা খাতুন (২৩) আৰু তেওঁৰ চাৰি বছৰীয়া কন্যাক বিচাৰি নাপায় একো উৱাদিহ নোপোৱা হয় তেওঁ । পত্নী আৰু কন্যাক বিচাৰি ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনৰ ওচৰত খবৰ কৰে যদিও কোনো সন্ধান নাপাই বিচলিত হৈ পৰে তেওঁ ।  উপায়ন্তৰ হৈ স্বামী ৰেফাজ উদ্দিনে তেওঁৰ পত্নী কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ সন্দেহ কৰি বালিকুৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । যদি কোনো সদাশয় ব্যক্তিয়ে দুয়োৰে সন্ধান পায় তেন্তে ওচৰতে থকা আৰক্ষী থানা নাইবা 7002688370 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামীয়ে ।

লগতে পঢ়ক : দিন দুপৰতে গুৱাহাটী মহানগৰীৰ পৰা শিশু অপহৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.