এইবাৰ ঐতিহাসিক আৰু আৱেগৰ নিৰ্বাচন হ'ব: গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 10:32 PM IST

thumbnail

যোৰহাট,১৫ মাৰ্চ: গৃহ জিলা যোৰহাটত উস্ম আদৰণি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক । যোৰহাট জিলাৰ কংগ্ৰেছ ভৱনৰ সন্মুখত দলীয় কৰ্মী আৰু তেওঁ শুভাকাংক্ষীয়ে পুস্পবৃষ্টি আৰু গামোচাৰে জনোৱা আদৰণিত অভিভূত হৈ পৰে গৌৰৱ গগৈ । আনহাতে গৃহ জিলা যোৰহাটত প্ৰৱেশ কৰি গৌৰৱ গগৈয়ে কয় যে '২৪ ৰ লোকসভা নিৰ্বাচন ঐতিহাসিক আৰু আৱেগৰ নিৰ্বাচন হ'ব ।  

লগতে গৌৰৱ গগৈয়ে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰৰ ৰাইজৰ সহাৰিক প্ৰশংসা কৰা লগতে এইবাৰ ৰাইজে সংসদলৈ শক্তিশালী কন্ঠ নিৰ্বাচিত কৰিব আৰু বিজেপিৰ চক্ৰবেহু ফালি তেওঁক পাৰ কৰাব । আনহাতে গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচত গৃহ জিলা যোৰহাটত প্ৰৱেশ কৰি জিলা কংগ্ৰেছ ভৱনৰ সন্মুখৰ পৰা পদপথেৰে নগৰৰ মাজেৰে দলীয় সমৰ্থকক লগত লৈ এক বৃহৎ ৰেলী বাহিৰ কৰে । 

লগতে পঢ়ক: টিকট নোপোৱাৰ ক্ষোভত কংগ্ৰেছ এৰিলে খালেকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.