ETV Bharat / state

টিকট নোপোৱাৰ ক্ষোভত কংগ্ৰেছ এৰিলে খালেকে

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 3:52 PM IST

Mp Abdul Khaleque : লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত হৈছিল সাংসদগৰাকী । তাৰ পাচতেই ল’লে এই সিদ্ধান্ত । পদত্যাগ কৰিয়েই দলৰ বিসম্বাদৰ কথা উল্লেখ সাংসদ খালেকৰ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসমৰ দায়িত্বত থকা দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ক্ষোভ উজাৰি অসমত দলটো ধ্বংস কৰাৰ অভিযোগ ।

Mp Abdul Khaleque resigns from primary membership of congress after not getting ticket
সাংসদ আব্দুল খালেক

গুৱাহাটী, ১৫ মাৰ্চ : কংগ্ৰেছ দলত পুনৰ মোক্ষম আঘাত । এইবাৰ পদত্যাগ কৰিলে কংগ্ৰেছৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে । কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত নিজৰ নাম নেদেখি হতাশ আৰু নিৰাশ হৈ পৰা সাংসদ আব্দুল খালেকে অৱশেষত ত্যাগ কৰিলে দলৰ পদ । টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবেই সাংসদ আব্দুল খালেকে কংগ্ৰেছ ত্যাগ কৰিলে ।

Mp Abdul Khaleque resigns from primary membership of congress after not getting ticket
সাংসদ আব্দুল খালেক

শুকুৰবাৰে সাংসদগৰাকীয়ে নিজৰ পদত্যাগ পত্ৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰে । পদত্যাগ পত্ৰতেই সাংসদ খালেকে দলৰ বিসম্বাদৰ কথা সদৰী কৰিলে । দলৰ ৰাষ্ট্ৰীয় সভাপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসমৰ দায়িত্বত থকা দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেতবোৰ অভিযোগ উত্থাপন কৰে ।

Mp Abdul Khaleque resigns from primary membership of congress after not getting ticket
পদত্যাগ পত্ৰ

পদত্যাগ পত্ৰত সাংসদ আব্দুল খালেকে কয়, 'কংগ্ৰেছ দলৰ সদস্য হিচাপে বিগত ২৫ বছৰ মোৰ বাবে এক ডাঙৰ যাত্ৰা । বহু কথা শিকাৰ সুবিধা হ'ল । সংবাদ মাধ্যমেৰে জড়িত হৈ থকা সময়ত মই কংগ্ৰেছ দলৰ মতাদৰ্শৰ বাবে দলটোৰ প্ৰতি আকৰ্ষিত হৈছিলো । গান্ধী, নেহৰু, মৌলানা আজাদ আৰু স্বাধীনতা সংগ্ৰামৰ অন্যান্য আগশাৰীৰ সংগ্ৰামীৰ অক্লান্ত আৰু দেশ গঢ়াৰ নিস্বাৰ্থ ত্যাগে মোক জোকাৰি গৈছিল । এক বিশাল ইতিহাস আৰু ঐতিহ্য, সংগ্ৰাম আৰু মৰ্যাদাৰ এই দলটোক মই গভীৰভাৱে সন্মান কৰো ।'

Mp Abdul Khaleque resigns from primary membership of congress after not getting ticket
পদত্যাগ পত্ৰ

তেওঁ লগতে কয় - 'দলটোত নেতৃত্বই বিচৰা ধৰণেই সেৱা আগবঢ়াই আহিছো । দলৰ নেতৃত্বই মোক বিশ্বাসত লৈ অসম আৰু আন ৰাজ্যৰ দায়িত্ব অৰ্পণ কৰিছিল । দলে দিয়া নিৰ্ধাৰিত কৰ্তব্যবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিলোঁ । বিধানসভাৰ সদস্য হিচাপে দুবাৰকৈ ৰাইজৰ সেৱা কৰাৰ সুযোগ পাইছিলোঁ আৰু এবাৰ লোকসভাৰ সদস্য হিচাপে । কংগ্ৰেছ দলৰ বাবে সেৱা আগবঢ়োৱাটো মোৰ বাবে এক সন্মানৰ বিষয় । মই মোৰ সমষ্টিৰ ৰাইজক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো । সমষ্টি, দল আৰু মোৰ কাষত থিয় দিয়া দলীয় কৰ্মীসকলৰ ওচৰত মই ঋণী ।'

পদত্যাগ পত্ৰখনত তেওঁ কয়, 'অৱশ্যে পলমকৈ অসমত দলটোৱে এক অদ্ভুত পথ লৈছে য’ত মানুহকেন্দ্ৰিক সমস্যাবোৰ গুৰুত্বহীন হৈ পৰিছে । গণতন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ স্বাধীনতা, আত্মসন্মান আৰু একতাৰ এক সন্তুলন অৱস্থা জৰুৰী । কিন্তু দুৰ্ভাগ্যজনকভাৱে শেহতীয়াকৈ মই অনুভৱ কৰিছো যে দলৰ মনোভাৱ আৰু পন্থা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকে ধ্বংস কৰি পেলাইছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই অনুভৱ কৰো যে মোৰ দলৰ পৰা ওলাই অহাৰ সময় আহি পৰিছে । সেয়েহে মই শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ পত্ৰ আগবঢ়াইছো । ছোনিয়া গান্ধীক তেখেতৰ নেতৃত্বৰ বাবে আৰু অহৰহ সমৰ্থনৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।' সাংসদ আব্দুল খালেকৰ পদত্যাগে স্বাভাৱিকতে কংগ্ৰেছ দলত জোকাৰণিৰ সৃষ্টি কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : প্ৰদেশ কংগ্ৰেছত আছে মুখ্যমন্ত্রীৰ অতি ঘনিষ্ঠ এজন বিয়াগোম নেতা : আব্দুল খালেকৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.