বসুন্ধৰা আঁচনিত গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীক উপেক্ষিত কৰাক লৈ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 3:59 PM IST

thumbnail

নলবাৰী, ১৩ ফেব্ৰুৱাৰী : গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীক চৰকাৰৰ মিছন ‘বসুন্ধৰা’ আঁচনিৰ পৰা উপেক্ষা কৰাৰ বিৰোধিতাৰে মঙলবাৰে নলবাৰী চহৰত বিক্ষোভ প্ৰদৰ্শন কৰে নলবাৰী জিলা গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ৷ অতীতৰ পৰাই অসমত বাস কৰি অহা এই গৰিয়া মৰিয়া দেশী জনগোষ্ঠীক চৰকাৰী-বেচৰকাৰী সকলো ক্ষেত্ৰতে অৱহেলা কৰি অহাৰ বাবে আজিকালিৰ সময়ত প্ৰায় অস্তিত্ব নাইকিয়া হৈ আহিছে বুলি প্ৰতিবাদকাৰীয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

জনগোষ্ঠীটোক ‘বসুন্ধৰা’ আঁচনিত চৰকাৰে উপেক্ষা কৰাৰ কথা সদৰী কৰি নলবাৰীৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত উক্ত জনগোষ্ঠীটোৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত এক বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে নিজকে খিলঞ্জীয়া বুলি উল্লেখ কৰি সকলোবোৰ ক্ষেত্ৰতে তেওঁলোকক উপেক্ষা কৰি অহা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে ৷

লগতে পঢ়ক : জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত চচলত কোচ ৰাজবংশীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.