কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ম'হৰ আক্ৰমণত নিহত বনকৰ্মী - Wild Buffalo attacked in Kaziranga

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 3:51 PM IST

thumbnail

কলিয়াবৰ, ১৫ এপ্ৰিল: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন । ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ হাতী কেম্পৰ অন্তৰ্গত বনাঞ্চলত সংঘটিত হৈছে এই অঘটনটো । এই সন্দৰ্ভত বুঢ়াপাহাৰ বনাঞ্চলৰ বন বিষয়াই উল্লেখ কৰা মতে, দুজন বনকৰ্মীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চল নিয়মীয়া টহল দি আছিল । তেওঁলোকে টহলত থকাৰ সময়তে বনকৰ্মী দুজনক এটা বনৰীয়া ম'হে আক্ৰমণ কৰে ।

ম'হটোৰ এই আক্ৰমণত অপু মোমিন নামৰ এজন কৰ্মী নিহত হয় । বুকুৰ বাঁওফালে আৰু বাঁও ভৰিত তেওঁক আঘাত কৰাত থিতাতেই বনকৰ্মীজনৰ মৃত্য়ু হয় । উক্ত ঘটনাটোত সোণমণি ৰাভা নামৰ আন এজন বনকৰ্মী আহত হয় । তেওঁক পিচত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা বুলি কয় বন বিষয়াগৰাকীয়ে । 

লগতে পঢ়ক:নগাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত আহত এজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.