ছয়গাঁৱত জনজাতীয় লোকক ভূমি স্বত্ব প্ৰদান

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 9:04 PM IST

thumbnail

মিৰ্জা, ৭ মাৰ্চ : বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁও ঔগুৰিত বনাঞ্চলত বাস কৰা জনজাতীয় লোকক বন অধিকাৰ স্বত্ব বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । অনুষ্ঠানত বছৰ বছৰ ধৰি বনাঞ্চলত বাস কৰা জনজাতীয় লোকসকলক বন অধিকাৰ স্বত্ব বিতৰণ কৰা হয় । 

বন অধিকাৰ আইন, ২০০৬-ৰ অধীনত খিলঞ্জীয়া অনুসূচিত জনজাতিৰ লোকক বন অধিকাৰ স্বত্ব বিতৰণ কৰা হয় । উল্লেখ্য যে কামৰূপৰ কুলচী, লোহাৰঘাট, বামুণীগাঁৱৰ ১৭০০ পৰিয়ালক এই অনুষ্ঠানৰ জৰিয়তে বন অধিকাৰ স্বত্ব বিতৰণ কৰা হয় । 

অনুষ্ঠানত শিক্ষা মন্ত্ৰীৰ লগতে কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত নৰসিং বে, অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । 

লগতে পঢ়ক :লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ নেপথ্যৰ ভাস্কৰ্য শিল্পীজন কোন ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.