চিকাৰ কৰিবলৈ আহি বন বিভাগৰ জালত দুই চিকাৰী - two hunters arrested

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 6:29 PM IST

thumbnail

কলিয়াবৰ, 2 এপ্ৰিল : নগাঁও জিলাৰ কলিয়াবৰত বন বিভাগে বন্দুকসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে  ৷ মঙলবাৰে কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাত বন‍্যপ্ৰাণী চিকাৰৰ অপৰাধত কাজিৰঙা বন বিভাগে দুয়োকে গ্ৰেপ্তাৰ কৰে ৷ ধৃত লোক দুজন ক্ৰমে শাকমুঠিয়া চাহ বাগিচাৰ খেলমাটি লাইনৰ ওহিনাথ ওৰাং আৰু বামুণী পথাৰৰ চামুং টিমুং বুলি জানিব পৰা গৈছে । 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত শাকমুঠিয়া পহৰাদাৰী বন শিবিৰৰ বনকৰ্মীয়ে বন্দুকসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লোক দুজনক । বন বিভাগৰ লোকে ধৃত লোক দুজনৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, খাৰ-বাৰুদ আৰু দুটা মোবাইল ফোন জব্দ কৰে বুলি জানিবলৈ দিয়ে । সম্প্ৰতি লোক দুজনক কলিয়াবৰ মহকুমা ন‍্যায়িক আদালতত হাজিৰ কৰাৰ পিচত আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: চাবোনৰে লেতেৰা ৰাজনীতি চাফা কৰিবলৈ ওলাইছে এইজন প্ৰাৰ্থী, পিচে ক’ত... - Lok sabha Elections 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.