ETV Bharat / politics

চাবোনৰে লেতেৰা ৰাজনীতি চাফা কৰিবলৈ ওলাইছে এইজন প্ৰাৰ্থী, পিচে ক’ত... - Lok sabha Elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 11:13 AM IST

Updated : Apr 2, 2024, 11:24 AM IST

Which party will get how many votes in Lakhimpur Lok Sabha constituency?
বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত প্ৰাক্তন বিজেপি কৰ্মী!

Lok Sabha Election 2024: ৰাজ্যৰ চৌদিশে এতিয়া বাজিছে কেৱল নিৰ্বাচনী ৰণডংকা । বিভিন্ন দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলে চলাইছে প্ৰচাৰ অভিযান । তাৰ মাজতে একাংশ প্ৰাৰ্থীয়ে তেওঁলোকে কিমান ভোট পাব সেই সন্দৰ্ভত কৰিছে ভৱিষ্যৎবাণী ।

বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত প্ৰাক্তন বিজেপি কৰ্মী!

লখিমপুৰ, 2 এপ্রিল: লখিমপুৰ লোকসভা সমষ্টিত ছয় লাখৰ বেছি ভোট ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্যনেল চমুকৈ ভিপিআই দলৰ প্ৰাৰ্থীয়ে লাভ কৰিব বুলি দাবী প্রার্থী বীৰেণ বাইলুঙৰ । 12 নং লখিমপুৰ লোকসভা সমষ্টিত ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ। প্ৰচাৰ অভিযানত ব্যস্ত বিভিন্ন দলৰ প্ৰাৰ্থীসকলে সভাই-সমিতিয়ে প্ৰতিপক্ষক বাক্যবাণেৰে আক্রমণ কৰি ধৰাশায়ী কৰি জন সমৰ্থন নিজৰ অনুকূলে অনাৰ চেষ্টা কৰি আছে । ইয়াৰ মাজতে লক্ষণীয় হৈ উঠিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিব তাকে লৈ কৰা ঘোষণাসমূহ ।

উল্লেখ কৰা প্ৰয়োজন যে, শাসকীয় দল বিজেপিৰ প্ৰদান বৰুৱাই সমষ্টিটোত এইবাৰ বিপুল পৰিমাণৰ ভোটত জয়যুক্ত হ’ব বুলি ঘোষণা কৰিছে । তেনেদৰে প্রধান বিৰোধী দল কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকায়েও বিপুল পৰিমাণৰ ভোট লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে । এই দুই প্ৰধান প্ৰতিদ্বন্দী দলে ভোটৰ নিৰ্দিষ্ট সংখ্যা উল্লেখ নকৰাকৈ বিপুল পৰিমাণৰ ভোটত জয়যুক্ত হ’ব বুলি ঘোষণা কৰাৰ বিপৰীতে আন একাংশ প্ৰাৰ্থীয়ে আকৌ নিৰ্দিষ্ট সংখ্যা পৰ্যন্ত ঘোষণা কৰিছে ।

ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থী বীৰেণ বাইলুঙে লাধাৰণ নিৰ্বাচনত ছয় লাখৰ অধিক ভোট লাভ কৰিব বুলি দাবী কৰিছে । তেনেদৰে নিৰ্দলীয় প্ৰাৰ্থী বিক্রম ৰামচিয়াৰীয়ে আকৌ এখোপ আগুৱাই গৈ দহ লাখ ভোট পাব বুলি ঘোষণা কৰিছে । প্ৰাৰ্থীসকলৰ এনে ঘোষণাই ৰাইজৰ মাজত লাভ কৰিছে বিশেষ চৰ্চা ।

এই সন্দৰ্ভত ভিপিআইৰ প্ৰাৰ্থী বীৰেণ বাইলুঙে ছয় লাখ ভোট পাব বুলি দাবী কৰাৰ উপৰি তেওঁ ৰাইজৰ সঁহাৰি দেখি এই কথা ক’বলৈ সাহস কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । ভোটাৰৰ ভাট্টাৰ বিষয়ে বাইলুঙে ভোটাৰ ৰাইজক সজাগ কৰাৰ বাবে ভোটাৰ ৰাইজ আকৰ্ষিত হোৱা বুলি তেওঁ কয় । ভোটাৰে ভাট্টা পাবৰ বাবে এখন আইন তৈয়াৰ কৰিবলৈ তেওঁক সংসদীয় নিৰ্বাচন লৈ আগুৱাই দিয়া বুলিও তেওঁ কয় ।

বাইলুঙে কয়, "শাসকীয় দলৰ লেতেৰা ৰাজনীতি চাফা কৰিবলৈ মই চাবোন মাৰিবলৈ ওলাইছো ৷ ভিপিআইৰ হেঁচাতহে চৰকাৰে কৃষকৰ বাবে আঁচনি গ্ৰহণ কৰিছে ৷ এসময়ত তেওঁ বিজেপি দলত আছিল আৰু বিজেপি দল ক্ষমতালৈ অহাৰ পাছত দলটোৰ লেতেৰা ৰাজনীতি দেখি দলত্যাগ কৰিছো ৷

উল্লেখ্য যে, লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ ভোটাৰৰ সংখ্যা হ’ল 15 লাখ 69 হেজাৰ 531 জন ।

লগতে পঢ়ক: লখিমপুৰত শাসক-বিৰোধীৰ অংকত আউল লগাব নেকি নিৰ্দলীয়ই ? - Lok Sabha elections 2024

Last Updated :Apr 2, 2024, 11:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.