ছয়গাঁৱত বনকৰা কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ পিতা-পুত্ৰ - Minor girl Sexually abused

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 9:11 PM IST

thumbnail

মিৰ্জা, ৩০ মাৰ্চ: বনকৰা কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ'ল পিতা-পুত্ৰ । দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত আলেকজাৰী গাঁৱৰ পিতা-পুত্ৰই ঘৰত বনকৰা হিচাপে ৰখা এগৰাকী কিশোৰীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতনৰ লগতে শাৰীৰিক মানসিক নিৰ্যাতনো চলাই আহিছিল । শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত ইতিমধ্যে এই লোকজনৰ পত্নী আৰু কন্য়াকো ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জামিনত মুকলি কৰি দিছে ।  

এই অভিযুক্ত লোকজনৰ আলেকজাৰীস্থিত ঘৰত বনকৰা হিচাপে থকা কিশোৰীগৰাকীয়ে নিৰ্যাতন সহিব নোৱাৰি এসপ্তাহ পূৰ্বে পলায়ন কৰি ওচৰৰে অন্য পৰিয়ালৰ ওচৰত আশ্ৰয় লৈছিল । উক্ত পৰিয়ালটোৱে ছয়গাঁও আৰক্ষীক কিশোৰীগৰাকীক গতাই দিয়াৰ পিচতহে সমস্ত ঘটনাটো পোহৰলৈ আহে । কিন্তু ছয়গাঁও আৰক্ষীয়ে বিষয়টোত বিশেষ গুৰুত্ব আৰোপ নকৰাত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ওচৰত একাংশ লোকৰ লগতে এটা এনজিঅ'ৰ বিষয়ববীয়াই অভিযোগ দাখিল কৰাত ছয়গাঁও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় । অভিযুক্ত লোকজনৰ পুত্ৰই ইতিমধ্যে কিশোৰীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:বনকৰা নাবালিকাক যৌন নিৰ্যাতন: আৰক্ষী বিষয়া কিৰণ নাথক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.