ETV Bharat / state

বনকৰা নাবালিকাক যৌন নিৰ্যাতন: আৰক্ষী বিষয়া কিৰণ নাথক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 9:29 PM IST

Updated : Mar 17, 2024, 10:16 PM IST

Dergaon DSP Arrest
DSP Kiran Nath Arrest

Dergaon Police: খোদ আৰক্ষী হাতত নিৰ্যাতিত নাবালিকা ৷ গ্ৰেপ্তাৰ কৰা হ’ল আৰক্ষী বিষয়া কিৰণ নাথ ৷ নাবালিকাগৰাকীক শাৰীৰিক, মানসিক, যৌন আতিশয্য চলোৱাৰ অভিযোগ ৷

গোলাঘাট, 17 মাৰ্চ: খোদ আৰক্ষী বিষয়াৰ দ্বাৰাই নাবালিকাক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত ৷ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমিত কৰ্মৰত উপ-আৰক্ষী অধীক্ষক কিৰণ নাথক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

বনকৰা নাবালিকাক শাৰীৰিক, মানসিক, যৌন আতিশয্য চলোৱাৰ অভিযোগ গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী বিষয়া কিৰণ নাথক ৷ অভিযোগ অনুসৰি দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত কৰ্মৰত আৰক্ষী বিষয়া কিৰণ নাথৰ বাসগৃহত বনকৰা হিচাপে কৰ্মৰত আছিল এগৰাকী নাবালিকা ৷ নাবালিকাগৰাকীক আৰক্ষী বিষয়াজনে দীৰ্ঘদিনৰ পৰা শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ লগতে যৌন আতিশয্যও চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে ।

  • " class="align-text-top noRightClick twitterSection" data="">

যাৰ পৰিপ্ৰেক্ষিতত দেৰগাঁও আৰক্ষী থানাত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষী বিষয়া কিৰণ নাথৰ বিৰুদ্ধে শনিবাৰে নিশা গোচৰ ৰুজু কৰিবলৈ উপস্থিত হোৱাৰ পিচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে নাবালিকাগৰাকীৰ পৰিয়ালক গোচৰ ৰুজু কৰাত বাধা প্ৰদান কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

পৰৱৰ্তী সময়ত দেওবাৰে ভুক্তভোগীৰ পৰিয়ালৰ লোকে গোচৰৰ দাখিল কৰে দেৰগাঁও থানাত ৷ ভুক্তভোগীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত দেৰগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৬৪ চি আৰ পি চিৰ অধীনত এক গোচৰ ৰুজু কৰা হয় ।

গোচৰ ৰুজু কৰাৰ পিচত গোলাঘাট আৰক্ষীয়ে প্ৰথমতে আটক আৰু পিচত গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়া কিৰণ নাথক । গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে ইতিমধ্যে আৰক্ষী বিষয়া কিৰণ নাথৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত গ্ৰেপ্তাৰ কৰাৰ লগতে আদালতত ভুক্তভোগী কিশোৰীৰগৰাকীৰ জবানবন্দীও লোৱা হৈছে ।

এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙেও ‘X’ত এক পোষ্ট কৰিছে ৷ গুৰুতৰ অভিযোগ ভিত্তিত আৰক্ষী বিষয়া কিৰণ নাথক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

লগতে পঢ়ক: তৃষ্ণা কাকতিৰ প্ৰেমিক বিষ্ণুদেৱ কোচক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Last Updated :Mar 17, 2024, 10:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.