ETV Bharat / state

এয়াই প্ৰেম! প্ৰথমে বিবাহৰ ছলেৰে প্ৰেমিকাক পলুৱাই আনি হত্যা; পাচত থানাত আত্মসমপৰ্ণ - Man Kills Girlfriend

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 4:55 PM IST

Assam Man Kills girlfriend : প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি মথাউৰিৰ ওপৰৰ পৰা পেলালে প্ৰেমিকে ৷ শুকুৰবাৰে নিশা প্ৰেমিকাক পলুৱাই লৈ গৈছিল প্ৰেমিক তফিকুলে ৷

Assam Man Kills girlfriend
চাঞ্চল্যকৰ ঘটনা (ETV BHARAT ASSAM)

প্ৰেমিকাক নৃশংসভাৱে হত্যা প্ৰেমিকৰ (ETV BHARAT ASSAM)

ৰঙিয়া, 18 মে’ : কামৰূপ-নলবাৰী সীমান্তত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এই ঘটনাৰ পিচতে উত্তপ্ত হৈ পৰে ৰঙিয়া আৰক্ষী থানা ৷ জানিব পৰা মতে তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবাৰীৰ মাহতলিৰ নিবাসী তথা প্ৰেমিক তফিকুল আলীয়ে ইচ্ছাপুৰৰ নিবাসী এগৰাকী যুৱতী তথা নিজৰ প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি নোনো নৈৰ মথাউৰিৰ ওপৰৰ মাজনিশা পেলাই দিয়ে ৷ ইয়াৰ পিচতে তুলসীবাৰী আৰক্ষী চকীত আত্মসমৰ্পণ কৰে হত্যাকাৰী তফিকুল আলীয়ে ৷

জানিব পৰা মতে দুই প্ৰেমিক-প্ৰেমিকাৰ বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল ৷ এবছৰ পূৰ্বে দুই প্ৰেমিক-প্ৰেমিকাৰ পৰিয়ালত মাজত হৈছিল বিবাহৰ চুক্তি ৷ তৎস্বত্তেও শুকুৰবাৰে নিশা প্ৰেমিকাক পলুৱাই লৈ গৈছিল প্ৰেমিক তফিকুলে ৷ কিন্তু পলায়ন কৰি ৰঙিয়া পাৰ হোৱাৰ সময়ত যুৱতীগৰাকীয়ে মন সলনি কৰি পৰিয়ালক এৰি নোযোৱাৰ কথা কৈছিল ৷ যাৰ বাবে দুয়োজনৰ মাজত কথাৰ কটা-কাটি হয় ৷ খঙত অগ্নিশৰ্মা হৈ প্ৰেমিক তফিকুলে জঁপিয়াই পৰিছিল প্ৰেমিকাৰ ওপৰত আৰু ডিঙি চেপি ধৰিছিল প্ৰেমিকাক ৷

যুৱতীগৰাকী অচেতন হৈ পৰাত মথাউৰিৰ পৰা চোঁচৰাই নি নোনা নৈৰ কাষত এটা গাঁতত পুতি থ’বলৈ চেষ্টা কৰিছিল যদিও পিচত তুলসীবাৰী আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছিল প্ৰেমিকে ৷ অভিযুক্ত প্ৰেমিকক ৰঙিয়া থানালৈ লৈ অহাৰ পিচতে উত্তপ্ত হৈ পৰে ৰঙিয়া আৰক্ষী থানা ৷ শতাধিক লোকে হত্যাকাৰীক ফাঁচীৰ দাবী উত্থাপন কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ৷ আনকি আৰক্ষীৰ সৈতে একাংশ ৰাইজৰ হতাহতিৰো সৃষ্টি হয় ৷

ইফালে আৰক্ষীয়ে ঘটনাস্থলীলৈ দণ্ডাধীশৰ উপস্থিতিত হত্যাকাৰী তফিকুলক লৈ যায় ৷ আৰক্ষীয়ে কামৰূপ-নলবাৰী সীমান্তৰ নোনা নৈৰ সমীপৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷ লগতে মথাউৰিৰ এটা পাৰে যুৱতীগৰাকীৰ এটা ৰঙা ৰঙৰ বেগ, মথাউৰিৰ ওপৰত চেন্দেল উদ্ধাৰ কৰে ৷ লগতে মথাউৰিৰ ওপৰৰ পৰা নৈৰ তললৈ চোঁচৰাই নিয়াৰ চিহ্ন স্পষ্ট হৈ থকা প্ৰত্যক্ষ কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়াৰ এদিন পিচত হত্যাকাণ্ডৰ ৰহস্য ফাদিল ! ওলাল হত্যাকাৰীৰ পৰিচয় - Murder In Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.