কিদৰে হত্যা কৰা হৈছিল NSCN (IM)ৰ কেডাৰক ? প্ৰত্যক্ষদৰ্শীয়ে দিলে বিৱৰণ

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 4:24 PM IST

Updated : Feb 22, 2024, 6:23 PM IST

thumbnail

যোৰহাট, 22 ফেব্ৰুৱাৰী: নাগালেণ্ডৰ দুই উগ্ৰপন্থী সংগঠনৰ মাজত পুনৰ সংঘাত আৰম্ভ হোৱাৰ ইংগিত ৷ অশান্ত হোৱাৰ দিশে পাহাৰীয়া ৰাজ্যখন । অচিনাক্ত দুৰ্বৃত্তই গুলীৰে থকাসৰকা কৰিলে NSCN(IM) ৰ কেডাৰক । নাগালেণ্ডৰ ম’ন জিলাৰ নামচাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।

পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি NSCN( IM)ৰ কেডাৰ খামপাই কন্যাকক বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত ম’ন জিলাৰ নামছাত ঘৰতে থকাৰ সময়ত কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৷ খামপাই কন্যাকৰ গুলীবিদ্ধ শৰীৰ ঘৰৰ ভিতৰতে পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় । পৰৱৰ্তী সময়ত হাস্পতাললৈ লৈ যোৱা হয় যদিও মৃত্য হয় খামপাই কন্যাকৰ ৷ দুটাকৈ গুলীয়ে আঘাত কৰে কন্যাকৰ দেহত ৷

উল্লেখ্য যে 2023 বৰ্ষৰ ছেপ্টেম্বৰ মাহত NSCN(K)গোটৰ পৰা আঁতৰি আহি খামপাই কন্যাকে NSCN(IM) গোটত যোগ দিছিল । আনহাতে উক্ত হত্যাকাণ্ডৰ ঘটনাৰ আঁৰত NSCN(K) গোটৰ জড়িত থকা সন্দেহ কৰা হৈছে । কাৰণ খামপাই কন্যাকে NSCN(K) গোট সলনি কৰি IM গোটত যোগদান কৰাৰ বাবে প্ৰতিশোধ হিচাবে উক্ত ঘটনা সংঘটিত কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ।

বৃহস্পতিবাৰে খামপাই কন্যাকলৈ NSCN(IM) গোটে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । প্ৰতিশোধপৰায়ণতাৰ বাবেই দুই গোটৰ মাজত সংঘৰ্ষ হোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক: সীমান্তৰ শিল-বালি কঢ়িওৱা ডাম্পাৰৰ পৰা বলপূৰ্বক কৰ সংগ্ৰহ নাগালেণ্ড বন বিভাগৰ

Last Updated : Feb 22, 2024, 6:23 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.