সীমান্তৰ শিল-বালি কঢ়িওৱা ডাম্পাৰৰ পৰা বলপূৰ্বক কৰ সংগ্ৰহ নাগালেণ্ড বন বিভাগৰ

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 7:32 PM IST

thumbnail

তিতাবৰ, 21 ফেব্ৰুৱাৰী : এইবাৰ অসমৰ মাটিত নাগালেণ্ড বন বিভাগৰ বলপূৰ্বক কৰ সংগ্ৰহ ৷ অসম-নাগালেণ্ড সীমান্তত শিল-বালি কঢ়িওৱা ডাম্পাৰৰ পৰা বলপূৰ্বক কৰ সংগ্ৰহ নাগালেণ্ড বন বিভাগৰ ৷ মেৰাপানী সীমান্তৰ ডি চেক্টৰত সংঘটিত হৈছে এই ঘটনা ৷নাগালেণ্ডৰ ওখা জিলা বন বিভাগে মেৰাপানী সীমান্তৰ সৰুপানীৰ পৰা শিল কঢ়িওৱা ডাম্পাৰ সমূহ জব্দ কৰি দুই হাজাৰকৈ ধন দাবী কৰাৰ ঘটনাই উত্তেজনাৰ সৃষ্টি কৰিছে মেৰাপানী অঞ্চলত ৷ অনলাইন TP থকাৰ পাচতো ধন বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ ডাম্পাৰ চালক সকলৰ ৷মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চন্দনপুৰত নাগালেণ্ডৰ পৰা অহা বন বিভাগৰ এটা দল অতৰ্কিতে উপস্থিত হৈ অসমৰ ভূমিত তালাচী চলোৱাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত সীমান্তত নিয়োজিত 142 নং চি আৰ পি এফক জনোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছে চি আৰ পি এফৰ এটা দল ৷ লগতে পঢ়ক : সহজে ধন ঘটিবৰ বাবেই শিক্ষাবিমুখ হৈ একাংশ নামি পৰিছে ড্ৰাগছ ব্যৱসায়ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.