নটাকৈ বিলুপ্তপ্ৰায় শগুণৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 5:43 PM IST

thumbnail

মিৰ্জা, 5 মাৰ্চ : সমগ্ৰ বিশ্বৰ পৰাই ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰিছে প্ৰকৃতিৰ জামাদাৰস্বৰূপ শগুণ । জনসাধাৰণৰ সচেতনতাৰ অভাৱৰ ফলতেই এতিয়াও অব্যাহত আছে শগুণৰ ধাৰাবাহিক মৃত্যুৰ ঘটনা । পশ্চিম গুৱাহাটীৰ তাতীবামাত মঙলবাৰে কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় নটাকৈ বিলুপ্তপ্ৰায় শগুণে ।

আনহাতে, আহত ভালেসংখ্যক লাহিটুতীয়ী আৰু হিমালয়ান গৃফন প্ৰজাতিৰ শগুন উদ্ধাৰ কৰা হৈছে । একমাত্ৰ জনসাধাৰণৰ সচেতনাৰ অভাৱ আৰু একাংশ লোকৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এনেদৰে মৃত্যু ঘটিছে শগুণৰ । মৃত পশুধন মুকলি পথাৰত পেলাই দিয়াৰ বাবেই সংঘটিত হ’ল এই ঘটনা । বিভিন্ন কাৰণত পশুধনৰ মৃত্যু হোৱাৰ পিচত প্ৰকৃত্ৰ প্ৰতি সচেতন নোহোৱা একাংশই মুকলি ঠাইতে পেলাই দিয়ে । এই মৃত পশুধনৰ মাংস ভক্ষণ কৰিয়েই এতিয়া শগুণৰ মৃত্যু ঘটিছে । আহত ভালেসংখ্যক শগুণ ৰানী বেলগুৰী শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰলৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও বহুতো শগুণ আহত হৈ যেনিয়ে-তেনিয়ে যোৱা বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক : অসুস্থ পক্ষীক নতুন জীৱনদান কলিয়াবৰত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.