কলিয়াবৰৰ কাঠপাৰ সত্ৰত হাতীয়ে ভাঙিলে গৃহ

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 5:21 PM IST

thumbnail

কলিয়াবৰ, ১ মাৰ্চ: নগাঁও জিলাৰ কলিয়াবৰৰ বৰভকতি গাঁৱৰ কাঠপাৰ সত্ৰত বনৰীয়া হাতীয়ে চলালে উপদ্ৰৱ । গাঁওখনৰ অৱনী শৰ্মা নামৰ লোকজনৰ ঘৰত যোৱা নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাত কোনোমতে প্ৰাণৰক্ষা পৰিয়ালটোৰ সদস্য়সকলৰ ।

কলিয়াবৰত এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱত গঞাৰ নিদ্ৰাহৰণ হৈছে । নিশা হ'লেই ৰাইজৰ মাজত আতংকময় পৰিবেশে বিৰাজ কৰে । কঁপালৰ ঘাম মাটিত পেলাই খেতি কৰি চপাই অনা ধানকেইটা ঘৰৰ ভিতৰত থৈও ৰাখিব পৰা নাই । পকী বেৰ ভাঙিও ধান খাই দহিলং কৰে হাতীয়ে । ৰাইজৰ আহ্বানৰ পিচতো বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । হাতী খেদাৰ ব‍্যৱস্থা কৰি ৰাইজক নিৰাপত্তা দিবলৈ ৰাইজে বন বিভাগক আহ্বান জনাইছে ।  

উল্লেখ্য় যে কলিয়াবৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান, বুঢ়াচাপৰি অভয়াৰণ‍্য, লাওখোৱা অভয়াৰণ‍্য, চুবুৰীয়া কাৰ্বি পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ উপদ্ৰৱৰে সহাৱস্থান কৰিব লগা হৈছে কলিয়াবৰৰ গাঁওবাসীয়ে ।  

লগতে পঢ়ক:জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত হস্তী গণনা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.