নগাঁও লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 10:46 PM IST

thumbnail

মৰিগাঁও, 10 এপ্ৰিল : নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই সমষ্টিটোৰ বিভিন্ন স্থানত অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ লোকসভা সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীগৰাকীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰচাৰ কাৰ্যসূচী ৷ বুধবাৰে মৰিগাঁও বিধানসভাৰ নগৰ মণ্ডলৰ উদ্যোগত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই চলায় নিৰ্বাচনী প্ৰচাৰ ৷  

মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধি, অগপৰ মৰিগাঁও জিলা সমিতিৰ সভাপতিকে ধৰি জিলাখনৰ দলীয় নেতৃত্বৰ সৈতে মৰিগাঁও চহৰৰ কেইবাটাও অঞ্চলত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলায় সুৰেশ বৰাই ৷ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই কয় যে এইবাৰ মুছলমান সমাজে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিবলৈ ভোট দিব ৷ কাৰণ নগাঁও লোকসভা সমষ্টিটোৰ বিধানসভা সমষ্টিসমূহত উন্নয়ন হৈছে ৷ উন্নয়নত চৰকাৰে কোনো বৈষম্য কৰা নাই ৷ সেয়েহে সংখ্যালঘু অঞ্চল যেনে লাহৰীঘাট, ধিং, ৰূপহী আদিৰ ৰাইজে বিজেপিক ভোট দিয়াৰ বাবে স‍ংকল্প লৈছে বুলি কয় তেওঁ ৷

লগতে পঢ়ক : বিয়াগোম লোকসভা নিৰ্বাচনত কোটিপতিৰ বিপৰীতে হাজাৰপতি প্ৰাৰ্থী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.