লাহৰীঘাটত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 10:57 PM IST

thumbnail

মৰিগাঁও, 28 মাৰ্চ : মৰিগাঁৱৰ লাহৰীঘাটত বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰী কছাৰী গাঁৱৰ নদীৰ পাৰত 15 সহস্ৰাধিক লোকৰ সমাবেশেৰে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী ৰণ ডংকা ৷ এই সভাতেই কংগ্ৰেছ, এ আই ইউ ডি এফৰ পাঁচ সহস্ৰাধিক লোকে বিজেপিত যোগদান কৰে ৷  

সভাত বিধায়ক ৰূপক শৰ্মা, নোমল মমিনৰ উপস্থিতিত মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ তেওঁ কয় যে, প্ৰদ্যুৎ বৰদলৈক কোনোৱে চিনিয়ে নাপায় ৷ কংগ্ৰেছৰ সমৰ্থকে তেওঁক ভোট দিব পাৰে ৷ কিন্তু প্ৰদ্যুৎ বৰদলৈ বুলি এটাও ভোট তেওঁ নাপায় বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈৰ বিশেষ প্ৰাসংগিকতা নাই বুলিও কয় তেওঁ ৷ 

লগতে পঢ়ক : ৰঙিয়াত নিৰ্বাচিনী ৰণডংকা বজালে বিজেপিয়ে - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.