ৰঙিয়াত নিৰ্বাচনী ৰণডংকা বজালে বিজেপিয়ে - lok sabha election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video

Published : March 28, 2024 at 8:49 PM IST
|Updated : March 28, 2024 at 10:36 PM IST
ৰঙিয়া, 28 মাৰ্চ : ৰঙিয়াৰ চেপ্তিত বৃহস্পতিবাৰে অনুষ্ঠিত হয় বিশাল বুথ সন্মিলন । ৰঙিয়া সমষ্টিৰ ২৫৪ টা বুথৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে এই সন্মিলনত । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, জিলা বিজেপিৰ সভাপতি সুৱল পালসহ বহু কেইগৰাকী নেতা উপস্থিত থাকে ।
আগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পতাৰ বাবে ভোট দিবলৈ সকলোৱে আহ্বান জনায় । ইয়াৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা নামঘৰত সেৱা জনাই প্ৰচাৰ কাৰ্য আৰম্ভ কৰে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই । ইফালে এই সভাতে বহু সংখ্যালঘূ লোকৰ লগতে শতাধিক লোকে বিজেপি দলত যোগদান কৰে ।