সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী - পঞ্চায়ত নিৰ্বাচন

🎬 Watch Now: Feature Video

thumbnail
ধেমাজিত পহলগাম আক্ৰমণ সন্দৰ্ভত মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 25, 2025 at 11:14 AM IST

2 Min Read
Choose ETV Bharat

ধেমাজি : পহলগাম কাণ্ডক লৈ দেশজুৰি তীব্ৰ আলোড়ন অব্যাহত থকাৰ সময়তে এই ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ৷ আমিনুল ইছলাম গ্ৰেপ্তাৰ হোৱাৰ পিছত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।  

বৃহস্পতিবাৰে সন্ধিয়া ধেমাজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পহলগামৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা আমিনুল ইছলাম সম্পৰ্কত কয়, “নিশ্চিতভাৱে তেখেতৰ মন্তব্য গৰিহণাযোগ্য, দেশদ্ৰোহী মন্তব্য ৷ গতিকে চৰকাৰে উচিত পদক্ষেপ লৈছে । আৰু আমি দেখা পাইছোঁ সামাজিক মাধ্যমতো বহুসংখ্যক লোকে দেশদ্ৰোহী মন্তব্য আগবঢ়াইছে ৷ সকলোৱে বিৰুদ্ধে আইনগত ব্যৱস্থা হ’ব লাগে ৷"

উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া ধেমাজি ১নং জিলা পৰিষদ সমষ্টিৰ বিজেপি, গণশক্তি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী লক্ষীধৰ শেনছোৱাৰ হৈ বিষ্ণুপুৰ বাসুদেৱ তিনিআলিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । তেওঁ উপস্থিত ৰাইজক মিত্ৰজোঁটৰ জিলা পৰিষদৰ প্ৰাৰ্থী লক্ষীধৰ শেনছোৱাক 'হাতী'ৰ চিনত ভোট দিবলৈ আহ্বান জনায় ৷ লগতে অহা 2 মে'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই ভোট দিবলৈও আহ্বান জনায় ।  

সভাখনত মুখ্য অতিথি হিচাপে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থকাৰ কথা আছিল যদিও সন্ধিয়ালৈকে সভাত আহি উপস্থিত হ’ব নোৱৰাত তেওঁৰ হৈ ৰাইজৰ ওচৰত ক্ষমা বিচাৰে শিক্ষা মন্ত্ৰীয়ে ৷ অৱশ্যে এই সভাত উপস্থিত থাকি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনায় ৰাজ্য সভাৰ সদস্য তথা প্ৰাক্তন মন্ত্ৰী, অগপৰ কেন্দ্ৰীয় নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ।

লগতে পঢ়ক :মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা ! দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ বহুবল্কী বিধায়ক আমিনুল - MLA AMINUL ISLAM ARRESTED
লগতে পঢ়ক :ভাৰতবিৰোধী মন্তব্য কৰিলেই যাব লাগিব জে'ললৈ: স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ - CM ON PAHALGAM ATTACK