গুৱাহাটী: পহলগামত সন্ত্ৰাসবাদীৰ দ্বাৰা নিৰপৰাধী ভাৰতীয়ক নৃশংসতাৰে হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি পাকিস্তানৰ সমৰ্থনত আৰু ভাৰত বিৰোধী যিকোনো মন্তব্য যিকোনো প্লেটফৰ্মত কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
দিছপুৰৰ লোকসভা সেৱা ভৱনত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ।
- পহলগামত নিহত পৰিয়াললৈ পাঁচ লাখ টকা অসম চৰকাৰৰ:
পহলগামৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "এই ঘটনাৰ বাবে পাকিস্তানৰ কাৰ্যকলাপক নিন্দা কৰিছো । এই ঘটনাকলৈ সাংঘাটিকভাবে দুখ পাইছো । পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰে ল'বলগীয়া ব্যৱস্থা সমৰ্থন আগবঢ়াইছো । নিহত হোৱা প্ৰতিটো পৰিয়াললৈ পাঁচ লাখ টকাকৈ অসম চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াম । এই ঘটনাৰ পিছত বাংলাদেশৰ প্ৰতি অসম চৰকাৰ সচেতন হৈছে । নিৰাপত্তাৰক্ষীক সীমাত সতৰ্ক হ'ব দিছো ।
असम की जनता पहलगाम आतंकी हमले के प्रत्येक पीड़ित परिवार के साथ पूरी संवेदना और मजबूती से खड़ी है। pic.twitter.com/sxuzMVXbGQ
— Himanta Biswa Sarma (@himantabiswa) April 24, 2025
- আমিনুল ইছলাম সন্দৰ্ভত মুখ্যমন্ত্ৰী :
ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য সন্দৰ্ভত শৰ্মাই কয়, "পুলৱামাৰ ঘটনাৰ দৰেই পহলগামকাণ্ডটো কেন্দ্ৰীয় চৰকাৰ জড়িত থকাৰ ভয়ংকৰ অভিযোগ কৰিছে ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক বিধায়ক আমিনুল ইছলামে । এই লৈ অসমবাসীক ক্ষোভিত কৰিছে । অসম আৰক্ষীয়ে তেওঁক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে । আদালতে তেওঁৰ বিচাৰ কৰিব ।"
তেওঁ লগতে কয়, "ভাৰত বিৰোধীসকলক সতৰ্ক কৰিছো । ছ'চিয়েল মিডিয়া বা অন্য কোনো প্লেটফৰ্মত ভাৰত বিৰোধী মন্তব্য কৰাৰ বিৰুদ্ধে অসম আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিছো ।
Assam will take the strongest possible action against anyone who dares to defend—directly or indirectly—the horrific, Pakistan-sponsored terror attack in Pahalgam. Let it be known clearly: those who attempt to justify, normalize, or dilute the brutal murder of innocent civilians… https://t.co/wL2ydaPbmy
— Himanta Biswa Sarma (@himantabiswa) April 24, 2025
- গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে তদন্ত অব্যাহত, বহুত বিস্ফোৰক তথ্য লাভ:
শৰ্মাই গৌৰৱ গগৈৰ নাম নোলোৱাকৈ কয়, "কংগ্ৰেছৰ এগৰাকী সাংসদ পাকিস্তানত ১৫ দিন আছিল । ভাৰত চৰকাৰক নোকোৱাকৈ আছিল । এই সন্দৰ্ভত তদন্ত চলি আছে এছ আই টি ৰ জৰিয়তে । তিনিবছৰ পাকিস্তানৰ পৰা দৰমহা পাই আছিল তেওঁৰ পত্নীয়ে । এই তথ্য লাভ কৰা গৈছে । পাকিস্তান ভ্ৰমণৰ সময়ত সাংসদগৰাকী নেপালতো আছিল । আই এছ আই সক্ৰিয় নেপালত । এই কথাবোৰ তদন্ত হ'ব । পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোৱা যাব । ছেপ্টেম্বৰৰ আগতে এছ আই টিয়ে প্ৰতিবেদন দিব । প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব । এই সন্দৰ্ভত সাংসদগৰাকী আৰু তেওঁৰ পত্নীক সোধা-পোছা কৰা হ'ব ।"
Some facts have emerged that point out disturbing trends on links between an MP from Assam and Pakistan.#PressConference#PahalgamTerroristAttack pic.twitter.com/BIR11bg01p
— Himanta Biswa Sarma (@himantabiswa) April 24, 2025