ETV Bharat / politics

ভাৰতবিৰোধী মন্তব্য কৰিলেই যাব লাগিব জে'ললৈ: স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ

পহলগামত নিহত পৰিয়াললৈ পাঁচ লাখ টকা অসম চৰকাৰৰ ৷

CM reacts to Dhing MLA Aminul Islam's explosive remarks
পেহেলগামৰ ঘটনাক নিন্দা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 9:42 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: পহলগামত সন্ত্ৰাসবাদীৰ দ্বাৰা নিৰপৰাধী ভাৰতীয়ক নৃশংসতাৰে হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি পাকিস্তানৰ সমৰ্থনত আৰু ভাৰত বিৰোধী যিকোনো মন্তব্য যিকোনো প্লেটফৰ্মত কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

দিছপুৰৰ লোকসভা সেৱা ভৱনত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ।

পেহেলগামৰ ঘটনাক নিন্দা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
  • পহলগামত নিহত পৰিয়াললৈ পাঁচ লাখ টকা অসম চৰকাৰৰ:

পহলগামৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "এই ঘটনাৰ বাবে পাকিস্তানৰ কাৰ্যকলাপক নিন্দা কৰিছো । এই ঘটনাকলৈ সাংঘাটিকভাবে দুখ পাইছো । পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰে ল'বলগীয়া ব্যৱস্থা সমৰ্থন আগবঢ়াইছো । নিহত হোৱা প্ৰতিটো পৰিয়াললৈ পাঁচ লাখ টকাকৈ অসম চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াম । এই ঘটনাৰ পিছত বাংলাদেশৰ প্ৰতি অসম চৰকাৰ সচেতন হৈছে । নিৰাপত্তাৰক্ষীক সীমাত সতৰ্ক হ'ব দিছো ।

  • আমিনুল ইছলাম সন্দৰ্ভত মুখ্যমন্ত্ৰী :

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য সন্দৰ্ভত শৰ্মাই কয়, "পুলৱামাৰ ঘটনাৰ দৰেই পহলগামকাণ্ডটো কেন্দ্ৰীয় চৰকাৰ জড়িত থকাৰ ভয়ংকৰ অভিযোগ কৰিছে ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক বিধায়ক আমিনুল ইছলামে । এই লৈ অসমবাসীক ক্ষোভিত কৰিছে । অসম আৰক্ষীয়ে তেওঁক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে । আদালতে তেওঁৰ বিচাৰ কৰিব ।"‌

তেওঁ লগতে কয়, "ভাৰত বিৰোধীসকলক সতৰ্ক কৰিছো । ছ'চিয়েল মিডিয়া বা অন্য কোনো প্লেটফৰ্মত ভাৰত বিৰোধী মন্তব্য কৰাৰ বিৰুদ্ধে অসম আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিছো ।

  • গৌৰৱ গগৈ আৰু পত্নীৰ‌ বিৰুদ্ধে তদন্ত অব্যাহত, বহুত বিস্ফোৰক তথ্য লাভ:

শৰ্মাই গৌৰৱ গগৈৰ নাম নোলোৱাকৈ কয়, "কংগ্ৰেছৰ এগৰাকী সাংসদ পাকিস্তানত ১৫ দিন আছিল । ‌ভাৰত চৰকাৰক নোকোৱাকৈ আছিল । এই সন্দৰ্ভত তদন্ত চলি আছে এছ আই টি ৰ জৰিয়তে । তিনিবছৰ পাকিস্তানৰ পৰা দৰমহা পাই আছিল তেওঁৰ পত্নীয়ে । এই তথ্য লাভ কৰা‌ গৈছে ।‌ পাকিস্তান ভ্ৰমণৰ সময়ত সাংসদগৰাকী নেপালতো আছিল । আই এছ আই সক্ৰিয় নেপালত । এই কথাবোৰ তদন্ত হ'ব । পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোৱা যাব । ছেপ্টেম্বৰৰ আগতে এছ আই টিয়ে প্ৰতিবেদন দিব । প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব । এই সন্দৰ্ভত সাংসদগৰাকী আৰু তেওঁৰ পত্নীক সোধা-পোছা কৰা হ'ব ।"

লগতে পঢ়ক: মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা ! দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ বহুবল্কী বিধায়ক আমিনুল - MLA AMINUL ISLAM ARRESTED

পাকিস্তানৰ নিৰ্দেশত চলা ভাৰতীয়সকল আমাৰ আৰু ডাঙৰ শত্ৰু: কাক উদ্দেশ্যি ক'লে মুখ্যমন্ত্ৰীয়ে - ASSAM CM ON PAHALGAM ATTACK