নগাঁও: 'মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা' বুলি এটি ফকৰা যোজনা আছে । ইয়াৰ অৰ্থ হৈছে নিজৰ জ্ঞান বা কৰ্মৰ পৰিসৰৰ বাহিৰলৈ গৈ কোনো ব্যক্তিয়ে কৰা মন্তব্য বা কৰ্মৰ পৰা হ'ব পৰা বিপদ । এই ফকৰা যোজনাটি যেন হুবহু মিল খায় অসমৰ এজন ৰাজনীতিকৰ ক্ষেত্ৰত । হোৱাই নোহোৱাই প্ৰতিটো ক্ষেত্ৰতে মূৰ সুমুৱাবলৈ গৈ বিতৰ্কৰ সৃষ্টি কৰে এইগৰাকী ৰাজনীতিকে ।
যাৰ ফলত পৰিৱেশ বিনষ্ট হোৱাই নহয়, বহুক্ষেত্ৰত নিজেও শ'লঠেকত পৰিবলগা হয় । কথাত কটা যোৱা এইগৰাকী বিধায়কে এইবাৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ নিজৰ পণ্ডিতালি জাহিৰ কৰিছে । যাৰ বাবে তুমুল বিতৰ্কৰ সৃষ্টি হোৱাই নহয়, ৰাজহুৱা গঞ্জনা আৰু আইনী পদক্ষেপৰো সন্মুখীন হৈছে । এইবাৰ দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ এইগৰাকী বহুবল্কী বিধায়ক ।
তেওঁ আন কোনো নহয়, তেওঁ হৈছে এ আই ইউ ডি এফ নেতা তথা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম । নিজৰ বহুবল্কী চৰিত্ৰ আৰু প্ৰতিটো ক্ষেত্ৰতে অনাহকতে মূৰ সুমুৱাই এক অনাহূত পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি কৰা এইগৰাকী নেতাৰ বাবে সময়ে সময়ে ৰাজ্যৰ ৰাজনীতিও অস্থিৰ হৈ আহিছে । লগতে সমাজত পৰি আহিছে বিৰূপ প্ৰভাৱ । কিন্তু তথাপিও যেন তেওঁৰ চৰিত্ৰৰ সংশোধন নহয় । এইবাৰ পহলগামৰ নৃশংস ঘটনাক লৈ সমগ্ৰ দেশ ক্ষোভত ফাটি পৰাৰ সময়তে আন এক বিতৰ্কিত মন্তব্যৰে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাইছে আমিনুল ইছলামে ।
পহলগাম সন্দৰ্ভত পুনৰ বিতৰ্কিত মন্তব্যৰ বাবে আমিনুল ইছলামক গ্ৰেপ্তাৰ
কাশ্মীৰৰ পহলগামৰ নৃশংস হত্যাকাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম । বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে বিধায়ক আমিনুল ইছলামক । বুধবাৰে ধিং সমষ্টিত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি পহলগামৰ নৃশংস ঘটনাক কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিয়াৰ উপৰি পহলগামত নাম সুধি হিন্দু-মুছলমান চিনাক্ত কৰি গুলীচালনা কৰাটো মিছা বুলিও দাবী কৰিছিল বিধায়ক আমিনুল ইছলামে ।
কেৱল সেয়াই নহয় 2019 চনত সংঘটিত পুলৱামা কাণ্ডও কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আছিল বুলি মন্তব্য কৰি চৰকাৰে তদন্তৰ কোনো ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপন কৰিছিল বিধায়ক আমিনুল ইছলামে । পুলৱামাৰ পাছত পহলগামৰ ঘটনাৰ জৰিয়তে চৰকাৰে বিভাজন তথা সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলিও বিস্ফোৰক মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে ।
সমগ্ৰ দেশ কঁপাই যোৱা পহলগামৰ ঘটনাক লৈ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যই সমগ্ৰ ৰাজ্যতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । বিধায়ক আমিনুল ইছলামৰ এনে বিতৰ্কিত মন্তব্য সন্দৰ্ভত বৃহস্পতিবাৰে নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত বিধায়ক আমিনুল ইছলামক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এই কথা প্ৰকাশ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । আনহাতে, আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়েও ।
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাই এই সন্দৰ্ভত কয়, "তেওঁক এৰেষ্ট কৰা হৈছে । কেছ ৰেজিষ্টাৰ কৰা হৈছে । এইটো সংক্ৰান্তত তেওঁক সোধা-পোছা কৰা হ'ব । বাকীখিনি তথ্য আমি লাহে লাহে দিম । ছু-মটো কেছ লোৱা হৈছে ।"
বৃহস্পতিবাৰে বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰি হাজিৰ কৰা হয় নগাঁও সদৰ আৰক্ষী থানাত । নগাঁও সদৰ আৰক্ষী থানাতেই বিধায়কগৰাকীক নগাঁও আৰক্ষীয়ে সোধা-পোছা কৰাৰ সম্ভাৱনা আছে ।
ইপিনে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ কৰোৱাৰ সময়তো মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে । "সঁচা কথা কোৱাত মোক কোনেও ৰখাব নোৱাৰে ।" এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ ।
উল্লেখ্য যে বিধায়ক আমিনুল ইছলামে পহলগামক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যৰ অন্যান্য প্ৰান্ততো এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে । আনহাতে, বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত 347/25 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ 152/196/197(1)/113(3)/352/353 ধাৰাৰ অধীনত দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হয় ।