বিভিন্ন বিভাগত দিব্য়াংগক নিযুক্তিৰ দাবীত উত্তাল চচল - Arunoday Scheme
🎬 Watch Now: Feature Video


Published : February 27, 2024 at 9:21 PM IST
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: সদৌ অসম বিকলাংগ সন্থাৰ উদ্যোগত আজি চচলত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী । অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদ সমূহত অতি শীঘ্রে দিব্য়াংগসকলক সংৰক্ষণৰ আধাৰত পূৰণ কৰাৰ দাবীকে ধৰি ২৩ টাকৈ দাবীৰ সমৰ্থনত সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে দিব্য়াংগসকলক মাহিলি ভাট্টা এক হাজাৰ টকাৰ পৰিৱৰ্তে পাঁচ হাজাৰকৈ প্ৰদান কৰা দাবী জনায় । তদুপৰি তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে দীনদয়াল দিব্যাংগ পেঞ্চন বাহাল ৰখা, দিব্য়াংগসকলৰ বাবে গুৱাহাটীত জিৰণি ভৱনৰ ব্যৱস্থা কৰা, দুখীয়া দিব্য়াংগৰ ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত এককালীন তিনি লাখ টকাকৈ আর্থিক সাহায্যৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।
প্ৰতিবাদকাৰীসকলে অসমৰ প্ৰতিখন জিলাতে দিব্য়াংগসকলৰ বাবে বহুমুখী প্রশিক্ষণৰ ব্যৱস্থা কৰা,প্ৰতিখন জিলাতে দৃষ্টিহীন, বধিৰ আৰু অস্থিৰ এই তিনি ধৰনৰ দিব্য়াংগবাবে বিশেষ বিদ্যালয় খোলাৰ ব্যৱস্থা কৰাৰ দাবীৰ সমাধানৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ । শীঘ্ৰেই বিকলাংগ সকলৰ দাবী সমূহ চৰকাৰে সমাধানৰ ব্যবস্থা নকৰিলে আগন্তুক দিনত দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰৰো হুংকাৰ দিয়ে প্ৰতিবাদী সকলে ।
লগতে পঢ়ক:তিনিচুকীয়া সদৰ আৰক্ষী থানাত সুলভ মূল্যৰ আৰক্ষী কেণ্টিন মুকলি