তিনিচুকীয়া সদৰ আৰক্ষী থানাত সুলভ মূল্যৰ আৰক্ষী কেণ্টিন মুকলি

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 8:35 PM IST

thumbnail

তিনিচুকীয়া,২৭ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অসম আৰক্ষীৰ বাবে জিলাই জিলাই সুলভ মূল্যৰ আৰক্ষী কেণ্টিন মুকলি প্ৰক্ৰিয়া আৰম্ভ হৈছে । তাৰে এক পদক্ষেপ হিচাপে মঙলবাৰে তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ সমীপতে আৰক্ষীৰ সুবিধাৰ্থে সুলভ মূল্যৰ আৰক্ষী কেণ্টিন মুকলি কৰা হয় । কেন্দ্ৰীয় আৰক্ষী কল্যাণ ভাণ্ডাৰ আঁচনিৰ অধীনত মুকলি হোৱা আৰক্ষী কেণ্টিনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপৰ লগতে তিনিচুকীয়া জিলা আৰক্ষীৰ কেইবাগৰাকীও আৰক্ষী বিষয়া ।  

এই আৰক্ষী কেণ্টিনৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলা আৰক্ষীৰ জ্যেষ্ঠ পুৰুষ আৰক্ষী কনিষ্ঠবল আৰু জ্যেষ্ঠ মহিলা আৰক্ষী কনিষ্টবলে । আৰক্ষীৰ সুবিধাৰ্থে মুকলি হোৱা এই সুলভ মূল্যৰ আৰক্ষী কেণ্টিনত ৩০ পৰা ৪০ শতাংশ ৰেহাই মূল্যত উপলব্ধ হ'ব প্ৰায় সংখ্যক ঘৰুৱা ব্যৱহৃত সামগ্ৰী । যিয়ে আৰক্ষী লোকসকলৰ ঘৰুৱা ব্যয় হ্ৰাস কৰাত সহায় হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । 

লগতে পঢ়ক: ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিলে ভাল পাম: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.