তিনিচুকীয়া সদৰ আৰক্ষী থানাত সুলভ মূল্যৰ আৰক্ষী কেণ্টিন মুকলি - Inauguration of Police Canteen

🎬 Watch Now: Feature Video

thumbnail
তিনিচুকীয়াত সুলভ মূল্যৰ আৰক্ষী কেণ্টিন মুকলি (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 8:35 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া,২৭ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অসম আৰক্ষীৰ বাবে জিলাই জিলাই সুলভ মূল্যৰ আৰক্ষী কেণ্টিন মুকলি প্ৰক্ৰিয়া আৰম্ভ হৈছে । তাৰে এক পদক্ষেপ হিচাপে মঙলবাৰে তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ সমীপতে আৰক্ষীৰ সুবিধাৰ্থে সুলভ মূল্যৰ আৰক্ষী কেণ্টিন মুকলি কৰা হয় । কেন্দ্ৰীয় আৰক্ষী কল্যাণ ভাণ্ডাৰ আঁচনিৰ অধীনত মুকলি হোৱা আৰক্ষী কেণ্টিনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপৰ লগতে তিনিচুকীয়া জিলা আৰক্ষীৰ কেইবাগৰাকীও আৰক্ষী বিষয়া ।  

এই আৰক্ষী কেণ্টিনৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলা আৰক্ষীৰ জ্যেষ্ঠ পুৰুষ আৰক্ষী কনিষ্ঠবল আৰু জ্যেষ্ঠ মহিলা আৰক্ষী কনিষ্টবলে । আৰক্ষীৰ সুবিধাৰ্থে মুকলি হোৱা এই সুলভ মূল্যৰ আৰক্ষী কেণ্টিনত ৩০ পৰা ৪০ শতাংশ ৰেহাই মূল্যত উপলব্ধ হ'ব প্ৰায় সংখ্যক ঘৰুৱা ব্যৱহৃত সামগ্ৰী । যিয়ে আৰক্ষী লোকসকলৰ ঘৰুৱা ব্যয় হ্ৰাস কৰাত সহায় হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । 

লগতে পঢ়ক: ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিলে ভাল পাম: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details