ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতিৰ পদত্যাগ: কাৰণ দৰ্শালে শাৰীৰিক অসুস্থতা

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 10:24 PM IST

thumbnail

হাফলং, 15 জানৱাৰী: লোকসভা নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ মুখত ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা অব্যাহতি ল’লে সমৰজিৎ হাফলংবাৰে । কংগ্ৰেছ দলৰ শোচনীয় অৱস্থা অব্যাহত থকাৰ সময়তে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা সমৰজিৎ হাফলংবাৰ আঁতৰি যোৱাটোৱে দলৰ ব্যাপক ক্ষতি কৰা সম্ভাৱনা ব্যক্ত কৰিছে ভিন্নজনে ৷

উল্লেখ্য যে শাৰীৰিক অসুস্থতাৰ কাৰণ দৰ্শাই কংগ্ৰেছ সভাপতিৰ পদৰ পৰা অব্যাহতি লয় সমৰজিৎ হাফলংবাৰে ৷ ইয়াৰ পিচতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তাৎক্ষণিকভাৱে হাইজেৰংবে নৃয়ামেক ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি হিচাবে নিযুক্তি দিয়ে ।

অসম প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈয়ে স্বাক্ষৰ কৰা এখন পত্ৰৰ পিচতে শুকুৰবাৰে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি হিচাবে দায়িত্ব গ্ৰহণ কৰে হাইজেৰংবে নৃয়ামেই । উল্লেখযোগ্য ডিমা হাছাও জিলা কংগ্ৰেছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । জিলা কংগ্ৰেছৰ বহু শীৰ্ষ নেতা দলৰ পৰা আঁতৰি গৈছে ।

যোৱা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে পাহাৰীয়া জিলাত শোচনীয় প্ৰদৰ্শন কৰে । আগন্তুক লোকসভা নিৰ্বাচনতো দলটোৱে ডিমা হাছাও জিলাত কেনেধৰণৰ ফলাফল প্ৰদৰ্শন কৰিব সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক: টিকট নোপোৱাৰ ক্ষোভত কংগ্ৰেছ এৰিলে খালেকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.