ৰহস্যজনক অৱস্থাত পানীখাইতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 2:30 PM IST

thumbnail

গুৱাহাটী, 28 ফেব্ৰুৱাৰী: পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ ৷ নলাৰ পৰা উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ ৷ গুৱাহাটীৰ পানীখাইতিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । নাৰেংগী-চন্দ্ৰপুৰ ঘাইপথৰ দাঁতিৰ নলাত বুধবাৰৰ পুৱাৰ ভাগত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ।

পানীখাইতিত অৱস্থিত শ্বহীদ কুশল কোঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় পানীখাইতি আৰক্ষী । মৃত যুৱকজন পানীখাইতিৰ মাধৱ শৰ্মা বুলি জানিব পৰা গৈছে । অৱশ্যে এয়া হত্যা নে দুৰ্ঘটনাৰ ঘটনা সেই সন্দৰ্ভত বৰ্তমান পৰ্যন্ত একো জানিব পৰা হোৱা নাই । 

উল্লেখ কৰা প্ৰয়োজন যে, ক্ৰমৱৰ্ধমান এনেবোৰ ঘটনাই মহানগৰবাসীক নিৰাপত্তাহীনতাত ভুগোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: সৰভোগৰ নিৰুদিষ্ট যুৱকৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.