ৰহস্যজনক অৱস্থাত পানীখাইতিত উদ্ধাৰ যুৱকৰ মৃতদেহ - Guwahati Crime

🎬 Watch Now: Feature Video

thumbnail
ৰহস্যজনক অৱস্থাত পানীখাইতিত উদ্ধাৰ যুৱকৰ মৃতদেহ (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 2:30 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 28 ফেব্ৰুৱাৰী: পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ ৷ নলাৰ পৰা উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ ৷ গুৱাহাটীৰ পানীখাইতিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । নাৰেংগী-চন্দ্ৰপুৰ ঘাইপথৰ দাঁতিৰ নলাত বুধবাৰৰ পুৱাৰ ভাগত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ।

পানীখাইতিত অৱস্থিত শ্বহীদ কুশল কোঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় পানীখাইতি আৰক্ষী । মৃত যুৱকজন পানীখাইতিৰ মাধৱ শৰ্মা বুলি জানিব পৰা গৈছে । অৱশ্যে এয়া হত্যা নে দুৰ্ঘটনাৰ ঘটনা সেই সন্দৰ্ভত বৰ্তমান পৰ্যন্ত একো জানিব পৰা হোৱা নাই । 

উল্লেখ কৰা প্ৰয়োজন যে, ক্ৰমৱৰ্ধমান এনেবোৰ ঘটনাই মহানগৰবাসীক নিৰাপত্তাহীনতাত ভুগোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: সৰভোগৰ নিৰুদিষ্ট যুৱকৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details