যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতেই শাহু-বোৱাৰীৰ তয়াময়া ৰণ

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 10:22 PM IST

thumbnail

যোৰহাট, 29 ফেব্ৰুৱাৰী : বোৱাৰীৰ আক্ৰমণত তেজেৰে লুতুৰি পুতুৰি শাহু । যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত শাহু আৰু বোৱাৰী মাজত লাগিল কাজিয়া । ঘটনাৰ বিৱৰণি অনুসৰি বৃহস্পতিবাৰে বিশেষ কামত এগৰাকী মহিলা তেওঁৰ ৭০ৰ উৰ্ধ্বৰ পিতৃৰ সৈতে যোৰহাট নগৰলৈ আহি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত থকা এখন দোকানত ৰৈছিলহি ৷ সেই সময়তে মহিলাগৰাকীৰ বোৱাৰীয়ে দোকানখনৰ সন্মুখত তেওঁক পিতৃৰ সৈতে ৰৈ প্ৰত্যক্ষ কৰে ৷

সম্ভৱতঃ ঘৰুৱা কাজিয়া লাগি আছিল বহু দিনৰ পৰাই ৷ দুয়োপক্ষৰ দেখাদেখি হোৱাৰ পাচতেই ৰাস্তাতেই তৰ্কাতৰ্কি আৰম্ভ হয় আৰু সকলো সীমা চেৰাই গৈ বোৱাৰীয়ে শাহুৱেকৰ গালৈ মাৰি পঠিয়ালে ইটা ! কাজিয়াই ভয়ংকৰ ৰূপ লয় আৰু মহিলাগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । তেজেৰে লুতুৰি পতুৰি হৈ দোকানৰ সন্মুখতেই ঢলি পৰে শাহু ।

শাহু আৰু বোৱাৰীৰ কাজিয়াত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৭০ৰ উৰ্ধ্বৰ ব্যক্তিজন । ইতিমধ্যে দুয়োকে চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । আনহাতে ঘটনাত জড়িত থকাৰ অভিযোগত এজন সদস্যক যোৰহাট আৰক্ষীয়ে আটক কৰে । জানিব পৰা মতে, আক্ৰমণ কৰিয়েই বোৱাৰীগৰাকী উক্ত স্থানৰ পৰা পলায়ন কৰে । যান-বাহন শাখাৰ আৰক্ষী উপস্থিত থকাৰ পিচতো কাৰোলৈ ভ্ৰক্ষেপ নকৰি দুই পক্ষই কাজিয়া চলাই গৈছিল । আজি সংঘটিত হোৱা  উক্ত ঘটনাই সভ্য সমাজক বাৰুকৈ লজ্জিত কৰিছে ।

লগতে পঢ়ক : দীৰ্ধদিন ধৰি ত্ৰাস চলাই থকা দুই গভাইত চোৰক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.