দীৰ্ধদিন ধৰি ত্ৰাস চলাই থকা দুই গভাইত চোৰক গ্ৰেপ্তাৰ - lakhimpur crime news

🎬 Watch Now: Feature Video

thumbnail
দীৰ্ধদিন ধৰি ত্ৰাস চলাই থকা দুই গভাইত চোৰক গ্ৰেপ্তাৰ (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 8:55 PM IST

1 Min Read
Choose ETV Bharat

লখিমপুৰ, 28 ফেব্ৰুৱাৰী : মঙলবাৰে নিশা লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে দুটাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে আৰক্ষীয়ে চোৰ দুটাই লুকাই থোৱা স্থানৰ পৰা ভালেমান চুৰি সামগ্রী উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নগৰ এলেকাত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ধৃত চোৰ দুটাই । ধৃত চোৰ দুটা মানৱজ্যোতি ৰয় আৰু বাপুকণ হাজং বুলি জানিব পৰা গৈছে ৷ চোৰ দুটাই দীৰ্ঘদিন ধৰি নগৰ এলেকাত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । 

চোৰ দুটাই বাইক, পানী তোলা মটৰ, গেছ চিলিণ্ডাৰ আদি বিভিন্ন বস্তু চুৰি কৰি আহিছিল চোৰ দুটাই ৷ আজিৰ পৰা দুদিনৰ পূৰ্বেও নগৰৰ মাজত ৰখাই থোৱা এখন বাইক চুৰি কৰিছিল এই গেংটোৱে । আৰক্ষীয়ে চোৰ দুটাৰ পৰা লুকুৱাই ৰখা এখন গ্লেমাৰ বাইক, দুখন চাইকেল, দুটা গেছ চিলিণ্ডাৰ, পাঁচটা পানী তোলা মটৰ, এটা লেপটপকে ধৰি ভালেখিনি চুৰি সামগ্রী আৰক্ষীয়ে উদ্ধাৰ কৰে । আৰক্ষীয়ে এই গেংটোৰ লগত অধিক চোৰ জড়িত আছে বুলি উল্লেখ কৰে ৷ 

ইতিমধ্যে আৰক্ষীয়ে গেংটোক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আছে বুলি জানিবলৈ দিয়ে । এই চোৰ দুটাই পূৰ্বতেও চুৰিৰ অপৰাধত জেইললৈ যাবলগীয়া হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: কাছাৰত কোটি টকাৰ ড্ৰাগছসহ আটক ৩ সৰবৰাহকাৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details