সৰুপথাৰত কংগ্ৰেছৰ অস্থায়ী কাৰ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ - Election Violence in sarupathar - ELECTION VIOLENCE IN SARUPATHAR

🎬 Watch Now: Feature Video

thumbnail
সৰুপথাৰত কংগ্ৰেছৰ অস্থায়ী কাৰ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ (undefined)

By ETV Bharat Assamese Team

Published : April 19, 2024 at 11:30 AM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, ১৯ এপ্ৰিল : লোকসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে গোলঘাট জিলাৰ সৰুপথাৰত বৃহস্পতিবাৰে নিশা এক হিংসাত্মক ঘটনা সংঘটিত হৈছে । দুষ্কৃতিকাৰীয়ে নিশা জ্বলাই দিয়ে কংগ্ৰেছৰ অস্থায়ী কাৰ্যালয় । সৰুপথাৰৰ গন্ধকৰৈত নিৰ্বাচনৰ বাবে নিৰ্মাণ কৰা হৈছিল এই অস্থায়ী কাৰ্যালয়টো । নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততেই নিশা এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে । লগতে কংগ্ৰেছী প্ৰাৰ্থী ৰ’জলিনা তিৰ্কীৰ বেনাৰো জ্বলাই দিয়ে ৷

ইয়াৰ পিচতে এতিয়া প্ৰশ্ন হৈছে যে, নিৰ্বাচনৰ পূৰ্বে কোনে কিয় জ্বলালে কাৰ্যালয়টো ? এই হিংসাত্মক ঘটনা কোনে সংঘটিত কৰিছে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ 

19 এপ্ৰিল তথা আজি ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । কাজিৰঙা লোকসভা সমষ্টিৰ ধনশিৰি নিৰ্বাচনী জিলাত ২০৫ টা ভোটকেন্দ্ৰত ভোটদান আৰম্ভ হৈছে । ধনশিৰিত আদৰ্শ ভোটকেন্দ্ৰ দুটা, লগতে মহিলাৰ দ্ধাৰা পৰিচালিত হৈছে ৬৫ টা ভোটকেন্দ্ৰ। 

লগতে পঢ়ক: যোৰহাটৰ চাৰিগৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য বন্দী হ’ব ইভিএমত - LOk sabha election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details