সৰুপথাৰত কংগ্ৰেছৰ অস্থায়ী কাৰ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ - Election Violence in sarupathar

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 11:30 AM IST

thumbnail

সৰুপথাৰ, ১৯ এপ্ৰিল : লোকসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে গোলঘাট জিলাৰ সৰুপথাৰত বৃহস্পতিবাৰে নিশা এক হিংসাত্মক ঘটনা সংঘটিত হৈছে । দুষ্কৃতিকাৰীয়ে নিশা জ্বলাই দিয়ে কংগ্ৰেছৰ অস্থায়ী কাৰ্যালয় । সৰুপথাৰৰ গন্ধকৰৈত নিৰ্বাচনৰ বাবে নিৰ্মাণ কৰা হৈছিল এই অস্থায়ী কাৰ্যালয়টো । নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততেই নিশা এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে । লগতে কংগ্ৰেছী প্ৰাৰ্থী ৰ’জলিনা তিৰ্কীৰ বেনাৰো জ্বলাই দিয়ে ৷

ইয়াৰ পিচতে এতিয়া প্ৰশ্ন হৈছে যে, নিৰ্বাচনৰ পূৰ্বে কোনে কিয় জ্বলালে কাৰ্যালয়টো ? এই হিংসাত্মক ঘটনা কোনে সংঘটিত কৰিছে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ 

19 এপ্ৰিল তথা আজি ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । কাজিৰঙা লোকসভা সমষ্টিৰ ধনশিৰি নিৰ্বাচনী জিলাত ২০৫ টা ভোটকেন্দ্ৰত ভোটদান আৰম্ভ হৈছে । ধনশিৰিত আদৰ্শ ভোটকেন্দ্ৰ দুটা, লগতে মহিলাৰ দ্ধাৰা পৰিচালিত হৈছে ৬৫ টা ভোটকেন্দ্ৰ। 

লগতে পঢ়ক: যোৰহাটৰ চাৰিগৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য বন্দী হ’ব ইভিএমত - LOk sabha election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.