এয়া আক্ৰোশমূলক : চি আই ডিৰ তলব সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 9:19 PM IST

thumbnail

নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী : ভাৰত জোড়ো ন্যায় যাত্ৰাৰ গোচৰ সন্দৰ্ভত 23 ফেব্ৰুৱাৰীত ৰাহুল গান্ধীসহ কংগ্ৰেছৰ কেইবাজনো নেতাক অসম চি আই ডিয়ে তলব কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷ তেওঁ কয়, "একো নভঙাকৈ কিছুমান জামিনবিহীন ধাৰা আমাৰ ওপৰত লগাইছে, যিটো আক্ৰোশমূলক ৷ এইবিলাক কৰি তেওঁলোকে আমাৰ মনোবল ভাঙিবলৈ বিচাৰিছে, আমাৰ নেতা সকলক হাৰাশাস্তি কৰিব বিচাৰিছে ৷  এয়া দুৰ্ভাগ্যজনক ৷"

বিৰোধী দলপতিজনে পুনৰ কয়- " তেওঁলোকে মাতিছে যেতিয়া নিশ্চিতভাৱে আমি যাব লাগিব, ৷ কথাখিনি ক’ব লাগিব, আইনক আমি সন্মান জনামেই ৷ কিন্তু আইনক সন্মান জনোৱাৰ নামত ভাৰতৰ সংবিধানত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ, শান্তিপূৰ্ণভাৱে চৰকাৰৰ নীতিক সমালোচনা কৰাৰ যিবিলাক সাংবিধানিক অধিকাৰ সেইখিনিও কাঢ়ি ল’বলৈ বিচৰাটো দুৰ্ভাগ্যজনক ৷"

উল্লেখ্য যে, ভাৰত জোড়ো ন্যায় যাত্ৰাৰ গোচৰ সন্দৰ্ভত ৰাহুল গান্ধীসহ কেইবাজনো কংগ্ৰেছ নেতাক চি আই ডিয়ে তলব কৰিছে ৷ 23 ফেব্ৰুৱাৰীত উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব কংগ্ৰেছ নেতা সকল ৷ 

লগতে পঢ়ক : ন্যায় যাত্ৰাৰ গোচৰ : ৰাহুল গান্ধীকে ধৰি দলৰ অন্যান্য নেতাক চি আই ডিৰ তলব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.