ককাই-ভায়ে মাটি-বাৰীৰ কাজিয়া লাগিছে আকৌ ঠিক হৈ যাব : কংগ্ৰেছ -এ আই ইউ ডি এফক কটাক্ষ পীযুষ হাজৰীকাৰ - Lok Sabha Election 2024
🎬 Watch Now: Feature Video

Published : April 8, 2024 at 10:41 PM IST
যোৰহাট, 8 এপ্ৰিল : "ভূপেন বৰাৰ দিনত কংগ্ৰেছ নিচিহ্ন হ’ল, কংগ্ৰেছ ধ্বংস হ’ল ৷ ভূপেন বৰাই কংগ্ৰেছৰ ওপৰত কিহৰ পোটক তুলি আছে নাজানো ৷ ভূপেন বৰাৰ দিনত কংগ্ৰেছৰ শূণ্য আসন হ’ব ৷" মৰিয়নীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷
সোমবাৰে মৰিয়নী, কলিয়াপানী আৰু চেলেং মণ্ডলৰ 9 খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয় মন্ত্ৰী পীযুষ হাজৰীকাই ৷ তেওঁ কয় যে, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব লগতে বিজেপি মিত্ৰজোঁটে 14 টা লোকসভা সমষ্টিৰ ভিতৰত 13 টা সমষ্টিত জয়লাভ কৰিব ৷
ইফালে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি উল্লেখ কৰি দুয়োটা দলে বিগত নিৰ্বাচনত একেলগে অৱতীৰ্ণ হৈছিল বুলি কয় ৷ এতিয়া কিহৰ তাড়নাত দুয়োটা দল বেলেগ হৈ আছে সেয়া তেওঁলোকে জানিব বুলি কয় মন্ত্ৰী হাজৰীকাই ৷ লগতে দুয়োটা দলক ককাই-ভাই আখ্যা দি, ককাই-ভায়ে মাটি-বাৰীৰ কাজিয়া লাগিছে আকৌ ঠিক হৈ যাব বুলিও মন্তব্য কৰে মন্ত্ৰীজনে ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক লৈ চিন্তা কৰিব নালাগে: ৰ'জলীনা তিৰ্কী - Lok Sabha Elections 2024