মানুহক অপমান কৰাটো মজ্জাগত স্বভাৱ হিমন্ত বিশ্ব শৰ্মা-পীযুষ হাজৰীকাৰ: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
Congress Candidate Pradyut Bordoloi (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 10:18 AM IST

1 Min Read
Choose ETV Bharat

নগাঁও, 30 মাৰ্চ: প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগ দিবলৈ বহু চেষ্টা চলাইছিল বুলি মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যক উভতি ধৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ নগাঁৱত উপস্থিত হৈ শুকুৰবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে কৰিছিল কেবাটাও বিস্ফোৰক মন্তব্য ।  

পীযুষ হাজৰীকাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে কংগ্ৰেছৰ নিশ্চিত জয়ৰ উমান পাই এতিয়া মিছা কথাৰ আশ্ৰয় লৈ কংগ্ৰেছৰ কৰ্মী তথা সাধাৰণ ভোটাৰক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে । নিজকে হিমন্ত বিশ্ব শৰ্মা বা পীযুষ হাজৰীকাৰ দৰে নহয় বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকাই কংগ্ৰেছৰ পৰা প্ৰতিষ্ঠা লাভ কৰি বিজেপিত যোগদান কৰিছে বুলি কয় বৰদলৈয়ে ।  

মুঠতে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ চেষ্টা চলোৱা প্ৰসংগ সম্পূৰ্ণ মিছা বুলি অভিহীত কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । বিগত নিৰ্বাচনত এ আই ইউ ডি এফৰ ভৰিত ধৰি সাংসদ হোৱা বুলিও পীযুষ হাজৰীকাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে প্ৰদ্যুৎ বৰদলৈয়ে । মানুহক অপমান, ঠাট্টা কৰাটো হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকাৰ মজ্জাগত স্বভাৱ বুলিও কটাক্ষ কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক: প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ চেষ্টা চলাইছিল, কিন্তু বিজেপিয়ে আদৰি নল’লে ! পীযুষ হাজৰীকাৰ মন্তব্য - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details