মানুহক অপমান কৰাটো মজ্জাগত স্বভাৱ হিমন্ত বিশ্ব শৰ্মা-পীযুষ হাজৰীকাৰ: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 10:18 AM IST

thumbnail

নগাঁও, 30 মাৰ্চ: প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগ দিবলৈ বহু চেষ্টা চলাইছিল বুলি মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যক উভতি ধৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ নগাঁৱত উপস্থিত হৈ শুকুৰবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে কৰিছিল কেবাটাও বিস্ফোৰক মন্তব্য ।  

পীযুষ হাজৰীকাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে কংগ্ৰেছৰ নিশ্চিত জয়ৰ উমান পাই এতিয়া মিছা কথাৰ আশ্ৰয় লৈ কংগ্ৰেছৰ কৰ্মী তথা সাধাৰণ ভোটাৰক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে । নিজকে হিমন্ত বিশ্ব শৰ্মা বা পীযুষ হাজৰীকাৰ দৰে নহয় বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকাই কংগ্ৰেছৰ পৰা প্ৰতিষ্ঠা লাভ কৰি বিজেপিত যোগদান কৰিছে বুলি কয় বৰদলৈয়ে ।  

মুঠতে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ চেষ্টা চলোৱা প্ৰসংগ সম্পূৰ্ণ মিছা বুলি অভিহীত কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । বিগত নিৰ্বাচনত এ আই ইউ ডি এফৰ ভৰিত ধৰি সাংসদ হোৱা বুলিও পীযুষ হাজৰীকাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে প্ৰদ্যুৎ বৰদলৈয়ে । মানুহক অপমান, ঠাট্টা কৰাটো হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকাৰ মজ্জাগত স্বভাৱ বুলিও কটাক্ষ কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক: প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ চেষ্টা চলাইছিল, কিন্তু বিজেপিয়ে আদৰি নল’লে ! পীযুষ হাজৰীকাৰ মন্তব্য - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.