আজাৰাত সামৰণি পৰিল বিহু নৃত্যৰ কৰ্মশালা - Bohag bihu 2024

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 11:51 AM IST

thumbnail

গুৱাহাটী, 12 এপ্ৰিল: আজি বিহুৰ উৰুকা ৷ ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিহু নৃত্যৰ কৰ্মশালা ৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত বিহু নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰি কঁকাল ঘূৰাই বিহু নাচিলে ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই ।

মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাত অৱস্থিত শিল্পী প্ৰসন্ন লাল বৰুৱা সংগীত মহাবিদ্যালয়ে প্ৰতিবছৰৰ দৰে এইবেলিও আয়োজন কৰা বিহু নৃত্য কৰ্মশালা । এই কৰ্মশালাত দুই শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে l বৃহস্পতিবাৰৰ সামৰণি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অভিনেত্ৰী গায়ত্ৰী মহন্ত ।

কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ সৈতে অভিনেত্ৰীগৰাকীয়ে নাচি, গান গায় আনন্দ-স্ফূৰ্তি কৰে । সংবাদ মাধ্যমযোগে অসমবাসীলৈ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনায় অভিনেত্ৰী গায়ত্ৰী মহন্তই ।

লগতে পঢ়ক: কাইলৈ উৰুকা, ৰঙালীক আদৰিবলৈ সাজু অসমীয়া - Rangali Bihu 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.