ETV Bharat / state

কাইলৈ উৰুকা, ৰঙালীক আদৰিবলৈ সাজু অসমীয়া - Rangali Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 6:54 PM IST

Rangali Bihu 2024: কুলিৰ মাতে, ঢোল-পেঁপাৰ শব্দই মুখৰিত কৰিছে সমগ্ৰ ৰাজ্য । নাচনীৰ দুভৰিৰ গিৰিপনীত কঁপিছে বিহুতলী । পদূলি পালেহি হেঁপাহৰ ৰঙালী । সাজু হৈছে বিহুৱা-নাচনী, অন্ত পৰিছে বিহু কৰ্মশালাৰ ।

People in Assam ready for Grand Celebration of Rangali Bihu
কালিলৈ উৰুকা, ৰঙালীক আদৰিবলৈ সাজু অসমীয়া

কাইলৈ উৰুকা, ৰঙালীক আদৰিবলৈ সাজু অসমীয়া

জোনাই/মিৰ্জা,১১ এপ্ৰিল: চাওঁতে চাওঁতে পদূলিমুখ পালেহি হেঁপাহৰ ৰঙালী বিহু । চৌদিশে উখল-মাখল পৰিৱেশ । ঢোলৰ গুমগুমনি, পেঁপাৰ কিৰিলীত মুখৰিত হৈছে উজনি-নামনি । ৰঙালীক আদৰিবলৈ সাজু হৈছে অসমীয়া ৰাইজ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ জোনাইতো জোনাই উচ্চতৰ মাধ্যমিক খেল পথাৰত জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ২ এপ্ৰিল পৰা ১০ এপ্ৰিল লৈ ৯ দিনীয়াকৈ অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি পৰে ।

কণ কণ শিশুসকলক বিহুৰ প্ৰতি অধিক আগ্ৰহী কৰাৰ মানসেৰে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে । জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা অহা কণ কণ শিশুসকলে অংশগ্ৰহণ কৰা এই বিহুনাচ কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে ৰং বসন্ত ৰাণী ২০১৮, ফাট বিহু ২০১৯ আৰু প্ৰতিদিন বিহুৰে বিৰিনা ২০২৩ ৰ বিজয়ী বৰষা বুঢ়াগোহাঁইয়ে । এই বিহুনাচ কৰ্মশালাত জোনাই সদৰৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ১২০ গৰাকী বিহুৱতীয়ে অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

ইফালে ৰঙালীৰ ৰঙত মতলীয়া ছয়গাঁৱৰ ৰাইজ । প্ৰাণ প্ৰাচুৰ্যৰ ৰঙালীৰ উছাহ দেখা গৈছে দক্ষিণ কামৰূপৰ ছয়গাঁৱতো । কণ কণ শিশুসকলৰো ৰঙালী বিহুক লৈ ব্যাপক উছাহ দেখা গৈছে । ৰংমন চেমনীয়া বিহু দলৰ অকণিৰ বিহুৱে আকৰ্ষিত কৰিছে সকলোকে । পূৰ্ণগতিত চলিছে চেমনীয়া বিহু দলৰ বিহুৰ আখৰা ।

সমান্তৰালভাৱে বাৰদিনীয়া কাৰ্যসূচীৰে দক্ষিণ কামৰূপৰ তিনিআলি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক বিহুনাচ কৰ্মশালাৰ আয়োজন কৰা হয় । এই বিহু নৃত্য কৰ্মশালাত দুটা শাখাত বিভক্ত কৰি প্ৰশিক্ষণ দিয়া হয় । তিনিআলি আঞ্চলিক ৰঙালী বিহু সন্মিলনে আয়োজন কৰা বিহুনাচ কৰ্মশালাত অসমৰ বিখ্যাত বিহুৱতী কুঁৱলী হাজৰিকাই প্ৰশিক্ষণ প্ৰদান কৰে । উক্ত কৰ্মশালাত দক্ষিণ কামৰূপৰ বিভিন্ন স্থানৰ প্ৰায় চাৰিশ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: কলিয়াবৰ-ধেমাজি-জোনাইতো বিহুৰ প্ৰস্তুতি তুংগত: অব্যাহত আছে কৰ্মশালা-আখৰা - Bohag Bihu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.