ETV Bharat / state

কলিয়াবৰ-ধেমাজি-জোনাইতো বিহুৰ প্ৰস্তুতি তুংগত: অব্যাহত আছে কৰ্মশালা-আখৰা - Bohag Bihu

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 5:48 PM IST

BOHAG BIHU
কলিয়াবৰ-ধেমাজি-জোনাইতো বিহুৰ প্ৰস্তুতি তুংগত

Bohag Bihu: জোনাই, ধেমাজি, কলিয়াবৰকে ধৰি সকলোতে এতিয়া অব্যাহত আছে বিহুনাচৰ কৰ্মশালা ৷ জোনাই-ধেমাজিত ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় কৰ্মশালা ৷ ইফালে কলিয়াবৰত ফ্ৰেণ্ডশ্বীপ ক্লাবে অব্যাহত ৰাখিছে প্ৰস্তুতি ৷

কলিয়াবৰ-ধেমাজি-জোনাইতো বিহুৰ প্ৰস্তুতি তুংগত

জোনাই/ধেমাজি/কলিয়াবৰ, ৯ এপ্ৰিল : বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি এতিয়া দেখিবলৈ পোৱা গৈছে ৰাইজে প্ৰান্তে প্ৰান্তে ৷ ৰাজ্যৰ ভিন্ন স্থানত আয়োজন কৰা হৈছে বিহুনৃত্যৰ কৰ্মশালা ৷

জোনাইত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো দহদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিহু কৰ্মশালা ৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা বিহু কৰ্মশালাখনত জোনাই মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ডেৰ শতাধিক কণকণ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে । ডেৰ শতাধিক কণ কণ বিহুৱতীয়ে অংশগ্ৰহণ কৰা বিহুনৃত্য কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে ৰং বসন্তৰ ৰাণী, প্ৰতিদিন বিহুৰে বিৰিণা আৰু ফাটবিহু সন্মানপ্ৰাপ্ত তথা ঢকুৱাখনাৰ জীয়াৰী বৰষা বুঢ়াগোহাঁয়ে ।

একেদৰে সদৌ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও ৩ এপ্ৰিলৰ পৰা ধেমাজি কাছাৰী ময়দানত সাতদিনীয়াকৈ ঢোলবাদন আৰু বিহুনৃত্য কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ মঙলবাৰে বিয়লি সামৰণি পৰে কৰ্মশালাখন ৷ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তগৰ্ত প্ৰতিটো শাখাৰ পৰা অহা মুঠ তিনিশৰো অধিক প্ৰশিক্ষাৰ্থীয়ে কৰ্মাশালাখনত অংশগ্ৰহণ কৰে ৷

কৰ্মশালাখনত বিহু প্ৰশিক্ষণ প্ৰদান কৰিছে লতাশিলৰ তিনিগৰাকী বিহু সমাজ্ঞী ক্ৰমে ঋতুপৰ্ণা সন্দিকৈ , হিমাশ্ৰী শইকীয়া আৰু জাগৃতি সন্দিকৈয়ে ৷ ঢোল আৰু বিহুনামত ধেমাজিৰ জ্যেষ্ঠ বিহুৱা সতীশ বৰুৱাকে ধৰি আন কেবাগৰাকীও বিহুৱাই অংশগ্ৰহণ কৰিছে ।

আনহাতে কলিয়াবৰৰ অন্যতম সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বীপ ক্লাব এইবেলি ৰঙালী বিহুৰ বাবে সাজু হৈ উঠিছে ৷ পূৰ্বৰ বছৰসমূহত অসমৰ বিভিন্ন প্ৰান্তত বিহু প্ৰদৰ্শন কৰি সুনাম অৰ্জনকাৰী ফ্ৰেণ্ডশ্বীপ ক্লাবৰ বিহুৱা দলটোৱে পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

যোৱা বৰ্ষসমূহত অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা বিহু প্ৰতিযোগিতাসমূহৰ ভালেকেইখনত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা দলটো সমাগত বিহুৰ বাবে আখৰাত ব্যস্ত হৈ পৰিছে । মুঠ ২৬ জনীয়া সদস্যৰে গঠিত বিহু দলটোৱে কলিয়াবৰৰ নাগশংকৰস্থিত টি. আও ষ্টেডিয়ামত চলাই আছে আখৰা ।

দলটোৱে যোৱা সময়ছোৱাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন স্থানৰ বিহু প্ৰতিযোগিতাসমূহত শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হৈছে । ৩১টা বৰ্ষত সুন্দুৰীয়া পথেৰে ফ্ৰেণ্ডশ্বীপ ক্লাবৰ যাত্ৰা দিগন্তলৈ প্ৰসাৰিত হওক, তাকেই শুভাকাংখীসকলে কামনা কৰে ।

লগতে পঢ়ক: বিহুৰ বাবে কেনেদৰে সাজু হৈছে কন্ঠশিল্পী ময়ুৰী দত্ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.