বিহুৰ বাবে কেনেদৰে সাজু হৈছে কন্ঠশিল্পী ময়ুৰী দত্ত ? - Mayuri Dutta Bihu program
Mayuri Dutta Bihu program : বিহুৰ বাবে সাজু হৈছে ৰাজ্যৰ কন্ঠশিল্পীসকল । এইবাৰো ন-পুৰণি বহুগীতৰ সম্ভাৰেৰে বিহুমঞ্চত গীত পৰিৱেশনৰ বাবে সাজু হৈছে কন্ঠশিল্পী ময়ুৰী দত্ত।

Published : April 8, 2024 at 5:22 PM IST
গুৱাহাটী, 8 এপ্ৰিল : ৰঙালী বিহুৰ সমান্তৰালকৈ ৰাজ্যত গৰম হৈছে নিৰ্বাচনী বতাহ । এতিয়া বিহুক লৈ ব্যস্ততা বাঢ়িছে প্ৰতিগৰাকী অসমীয়াৰ । উজনিৰ পৰা নামনিলৈ সকলোতে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি, পেঁপাৰ টিঁহিটি শব্দ ।
ইয়াৰ সমান্তৰালকৈ বিহুলৈ দিন চমু চপাৰ লগে লগে ব্যস্ততা বাঢ়িছে কন্ঠশিল্পীসকলৰো । ৰাজ্য প্ৰতিগৰাকী ন-পুৰণি কন্ঠশিল্পী এতিয়া ব্যস্ত অন্তিম পৰ্যায়ৰ আখৰাত । প্ৰতিবছৰৰ দৰে এইবাৰো বহুকেইটা ন-পুৰণি গীতেৰে বিহুলৈ সাজু হৈছে কন্ঠশিল্পী ময়ুৰী দত্ত। বৰ্তমান সময়লৈকে প্ৰায় ১৬ খন বিহু সমিতিৰ সৈতে যোগাযোগ হৈছে শিল্পীগৰাকীৰ।
এইবাৰ বিহুমঞ্চত দৰ্শকে শুনিবলৈ পাব ময়ুৰী দত্তৰ বাখৰ, খাটি অসমীয়া আদিকে ধৰি বহু কেইটা ন-পুৰণি গীত । কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল কণ্ঠশিল্পী গৰাকীৰ নতুন বিহুসুৰীয়া গীত "বাখৰ ২০২৪"। গীতটিত ময়ুৰী দত্তৰ লগত কণ্ঠদান কৰিছে কণ্ঠশিল্পী তথা অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে।
ইফালে বিহুক লৈ চলোৱা প্ৰস্তুতি সন্দৰ্ভত কন্ঠশিল্পীগৰাকীয়ে কয়, "ন-উদ্যমেৰে প্ৰস্তুতি চলি আছে । এইবাৰ বিহুত ৰাইজে বাখৰ শুনিবলৈ পাব ৷ লগতে মোৰ নিজৰ গীতকেইটাৰ লগতে বহুকেইটা ন-পুৰণি গীতো লোৱা হৈছে। লগতে অসমীয়াৰ সমন্বয় ৰক্ষাৰ বাবে ভিন্ন জনগোষ্ঠী বড়ো, কাৰ্বি, হাজং, তিৱা, মিছিং ভাষাৰো গীত লোৱা হৈছে । মোৰ লগতে বহুকেইগৰাকী বিশিষ্ট কন্ঠশিল্পীৰ গীত লোৱা হৈছে।"
ময়ুৰী দত্তৰ অনুষ্ঠানৰ যোগাযোগ আৰু এইবাৰ বিহুত নিৰ্বাচনৰ প্রভাৱৰ সন্দৰ্ভত মন্তব্য কৰি কণ্ঠশিল্পীগৰাকীয়ে কয়,"বৰ্তমানলৈ প্ৰায় ১৬ খন বিহু সমিতিৰ সৈতে যোগাযোগ হৈছে । এইবাৰ অনুষ্ঠানবোৰ অকণমান লাহে লাহে হৈছে, কাৰণ মাজত যিহেতু নিৰ্বাচন । বিহুত অকণমান নিৰ্বাচনে প্ৰভাৱ পেলাইছে । বহু বিহু সমিতিয়ে যোগাযোগ কৰিছে যদিও সঠিকভাৱে তাৰিখটো নিৰ্ধাৰণ কৰিব পৰা নাই ।"এতিয়া এনেদৰেই বিহুলৈ বুলি সাজু হৈছে কণ্ঠশিল্পীগৰাকী ৷
লগতে পঢ়ক: বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা - Assam singers Bihu preparetion

