29 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব বৰপেটাৰোডৰ ৰে’লৱে উৰণ সেতু

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 10:57 PM IST

thumbnail

বৰপেটাৰোড, 26 ফেব্ৰুৱাৰী : বহু প্ৰতীক্ষাৰ অন্তত 29 ফেব্ৰুৱাৰীত ৰাইজৰ বাবে মুকলি হ’ব বৰপেটাৰোডৰ ৰে’লৱে উৰণ সেতু ৷ উৰণ সেতুখন মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ দিনৰ দহ বজাত ৰে’লৱে উৰণ সেতু মুকলি কৰাৰ পাচত বৰপেটাৰোড ষ্টেডিয়ামত এখন কৃতজ্ঞতা সভাও অনুষ্ঠিত হ’ব ৷ এই কথা অৱগত কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ আজি প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হোৱা উৰণ সেতুখন পৰিদৰ্শন কৰি এই কথা জানিবলৈ দিয়ে মন্ত্ৰী দাসে ৷ লগতে এই কৃতজ্ঞতা সভাত বৰপেটাৰোডৰ প্ৰতিটো পৰিয়ালৰ এজনকৈ লোকক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷  

উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা ৰে’লৱে উৰণ সেতুখন "অটল উৰণ সেতু" নামেৰে নামাকৰণ কৰা হৈছে বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া উৰণ সেতুখনৰ অৱশিষ্ট কামখিনি বৰ্তমান দ্ৰুতগতিত চলি আছে ৷ উৰণ সেতুখন উদ্বোধন হোৱাৰ পাচতেই সাধাৰণ ৰাইজে যাতায়াত কৰিব পাৰিব যদিও গধুৰ যান-বাহনৰ চলাচল প্ৰায় দহ দিনৰ পাছতহে কৰিব পাৰিব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক : শুভ্ৰ বসনেৰে টিংখাঙত দলীয় সভাত ব্যস্ত এগৰাকী মন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.