শুভ্ৰ বসনেৰে টিংখাঙত দলীয় সভাত ব্যস্ত এগৰাকী মন্ত্ৰী - মন্ত্ৰী বিমল বড়া
🎬 Watch Now: Feature Video


Published : February 26, 2024 at 9:22 PM IST
ডিব্ৰুগড়, 26 ফেব্ৰুৱাৰী : দল তথা চৰকাৰৰ প্ৰতি সমৰ্পিত এজন বিধায়ক তথা মন্ত্ৰী । কথাৰে নহয় কামেৰে নিজকে এজন কৰ্মদক্ষ বিধায়ক তথা মন্ত্ৰী হিচাপে পৰিচয় দি আহিছে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই । সোমবাৰে মাতৃৰ দহা কাজ সমাপ্ত কৰিয়েই নিজৰ কৰ্তব্যত ব্যস্ত হৈ পৰা দেখা পোৱা গ’ল বিমল বড়াক। ধুতি-চেলেং চাদৰৰ শুভ্ৰ বসনেৰে দলীয় কৰ্মকৰ্তাসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ৷
উল্লেখ্য যে, টিংখাং সমষ্টিৰ ৰাজগড় চাহ বাগিচাৰ খেলপথাৰত অহা ইংৰাজী ২৮ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভূমি পট্টা বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিব । সেই অনুষ্ঠানত সমষ্টিৰ ১৯ টা পঞ্চায়তৰ কেবাহাজাৰ পৰিয়ালে লাভ কৰিব ভূমি পট্টা । এই উপলক্ষে মন্ত্ৰী বিমল বড়া সভাস্থলীত উপস্থিত হৈ দলীয় কৰ্মীসকলৰ সৈতে এক প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ কৰে । দশক দশক ধৰি ভূমি পট্টাৰ পৰা বঞ্চিত হৈ থকা খিলঞ্জীয়া ৰাইজক বিজেপি চৰকাৰে মিছন বসুন্ধৰা ২.০ দ্বাৰা দিয়া অধিকাৰ আৰু আৰম্ভ হ’বলগীয়া মিছন বসুন্ধৰা ৩.০ সবিশেষ জানিবলৈ সমষ্টিৰ ৰাইজক অতি উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাই তেওঁ ।
লগতে পঢ়ক : এখন জৰাজীৰ্ণ বাঁহৰ দলঙেই শেষ ভৰষা টিংখাঙৰ কাকৱনি গাঁওবাসীৰ